কেবক লৈ সূক্ষ্ম নিৰীক্ষণ কৰি আছে ৰাষ্ট্রসংঘই

নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰঃ উত্তৰ–পূর্বাঞ্চলৰ অসমকে ধৰি দেশৰ ভিন্ন প্রান্তত কেবক লৈ প্রতিবাদৰ জোৱাৰ অব্যাহত থকাৰ সময়তে এই কেবক লৈ সূক্ষ্ম নিৰীক্ষণ কৰি থকা বুলি মন্তব্য কৰিছে ৰাষ্ট্রসংঘৰ সচিবপ্রধানৰ উপ–মুখপাত্র ফাৰহান হকে ৷

এক বিবৃতিত মুখপাত্রজনে কয় যে ভাৰতীয় সংসদৰ দুয়ো সদনত কেব গৃহীত হোৱা বিষয়টোৱে জনতাৰ মাজত উদ্বিগ্ণতা সৃষ্টি কৰাক লৈ সংঘই সূক্ষ্ম নিৰীক্ষণ ৰাখিছে ৷

এই আইনক লৈ সম্ভাব্য পৰিস্থিতিক লৈ নিৰীক্ষণ কৰি আছে বুলিও কয় ফাৰহান হকে ৷ কেবক লৈ সংখ্যালঘু মুছলিমৰ মাজত সৃষ্টি হোৱা শংকাক লৈ আমেৰিকা যুক্তৰাষ্ট্রই উদ্বিগ্ণতা প্রকাশ কৰি নতুন দিল্লীত সংবিধান আৰু গণতান্ত্রিক প্রমূল্যৰ আধাৰত সংখ্যালঘুৰ অধিকাৰ সুৰক্ষিত ৰাখিবলৈ তেওঁ আহ্বান জনাইছে ৷

FeaturedUnited Nationsৰাষ্ট্রসংঘ
Comments (0)
Add Comment