কেলিফ’র্নিয়াত ৪০ নিযুত বাসিন্দাক ঘৰতে থকাৰ নির্দেশ

নিয়মীয়া বাৰ্তা, ২১ মার্চঃ আমেৰিকাত ক’ৰোনা ভাইৰাছৰ দ্রুত বিস্তাৰৰ বাবেই কেলিফ’র্নিয়া প্রদেশৰ প্রশাসনে ৪০ নিযুত বাসিন্দাক ঘৰতে থকাৰ নির্দেশ জাৰি কৰে ৷ উল্লেখনীয় যে মাৰাত্মক এই ক’ৰোনা ভাইৰাছত আমেৰিকাত প্রাণ হেৰুওৱা লোকৰ সংখ্যা ২০০লৈ বৃদ্ধি পাইছে৷ কেলিফ’র্নিয়াৰ গৱর্নৰ গেভিন নিউছমে প্রদেশখনৰ ৫৬ শতাংশ লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হ’ব বুলি আশংকা কৰিছে৷ আগন্তুক ৮ সপ্তাহৰ ভিতৰত ক’ৰোনাই কেলিফ’র্নিয়াত মাৰাত্মক ৰূপ ধাৰণ কৰিব বুলি আশংকা কৰিছে গৱর্নৰগৰাকীয়ে৷ গতিকে প্রদেশখনৰ হাস্পতালসমূহত ২০ হাজাৰ অতিৰিক্ত বিছনাৰ ব্যৱস্থা কৰা হ’ব বুলিও ঘোষণা কৰিছে গৱর্নৰ গেভিনে৷ স্মর্তব্য যে ১৩ হাজাৰতকৈ অধিক লোক আমেৰিকাজুৰি ক’ৰোনাত আক্রান্ত হৈছে৷ দেশখনৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ইতিমধ্যে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি নিজকে যুদ্ধকালীন ৰাষ্ট্রপতি বুলি অভিহিত কৰিছে৷ ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে এই যুদ্ধত আমেৰিকাৰ বিজয় অনিবার্য বুলিও ঘোষণা কৰিছে ট্রাম্পে৷ ইতিমধ্যে আমেৰিকাৰ নিউয়র্কত ঘোষণা কৰা হৈছে লক্ ডাউন৷ দেশখনৰ সকলো প্রদেশলৈ বিস্তাৰ ঘটিছে ক’ৰোনা ভাইৰাছৰ৷ অন্তিমখন প্রদেশ হিচাপে পশ্চিম ভার্জিনিয়াতো ক’ৰোনাত এজন লোক আক্রান্ত হৈছে৷

Featured
Comments (0)
Add Comment