ক’ৰোনাৰ আতংকৰ মাজতে ভূটানত ৰাজপৰিয়াললৈ আহিল নৱজাতক

নিয়মীয়া বাৰ্তা, ২১ মার্চঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ আতংকৰ সময়তে ভূটানবাসীয়ে বৃহস্পতিবাৰে দেশখনৰ ৰজা আৰু ৰাণীৰ পৰা লাভ কৰিছে এটি শুভ সংবাদ ৷ ৰজা আৰু ৰাণীয়ে এক বিবৃতিত সদৰী কৰা অনুসৰি তেওঁলোকৰ পৰিয়ালত জন্ম হৈছে এটি নৱজাতক শিশুৰ ৷ ছ’চিয়েল মিডিয়া ইনষ্টাগ্রামযোগে ভূটানৰ ৰজা জিগ্মে ৱাংছুকে এই তথ্য সদৰী কৰিছে ৷ ৪০ বছৰীয়া ৰজা জিগ্মে খেছাৰ নামগিয়েল ৱাংছুক আৰু তেওঁৰ পত্নী ৰাণী ২৯ বছৰীয়া জেট্ছুন পেমাই দ্বিতীয় পুত্র লাভ কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে দেশবাসীৰ মাজত দেখিবলৈ পোৱা গৈছে উল্লাস ৷

উল্লেখনীয় যে প্রথম পুত্র তিনি বছৰীয়া জিগ্মে নামগিয়েল ৱাংছুকে ইতিমধ্যে কনিষ্ঠ ভাতৃৰ এই আগমনক লৈ বিশেষ আনন্দ প্রকাশ কৰিছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে ৷ ক’ৰোনা ভাইৰাছৰ দ্বাৰা ভূটানত এতিয়ালৈকে এজন লোক সংক্রমিত হৈছে যদিও বিশ্বৰ ভিতৰতে পৰিষ্কাৰ–পৰিচ্ছন্ন গুৰুত্ব দিয়া ভূটানবাসীক এই মহামাৰীৰ সময়ত সতর্ক হ’বলৈ ৰজা–ৰাণীয়ে আহ্বান জনাইছে ৷ ক’ৰোনাই ভূটানত বিশেষ ক্ষতি কৰিব নোৱাৰে বুলি ইতিমধ্যে ঘোষণা কৰিছে দেশখনৰ চৰকাৰে ৷

Comments (0)
Add Comment