ক’ৰোনাৰ চিকিৎসাৰ বাবে মোদীক ঔষধ সৰবৰাহৰ অনুৰোধ ট্ৰাম্পৰ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ ক’ভিড-১৯ মহামাৰীত বিধ্বস্ত মহাশক্তিমান আমেৰিকাই এইবাৰ সহায়ৰ হাত বিচাৰিবলগীয়া হ’ল ভাৰতৰ । প্ৰতিদিনে হাজাৰ হাজাৰ লোক আক্ৰান্ত হোৱা এই মহামাৰীৰ চিকিৎসাৰ বাবে দেশখনে ভাৰতৰ পৰা জৰুৰীভাৱে বিচাৰিছে হাইড্ৰ’ক্সিক্ল’ৰোকুইন ঔষধ । ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে এই জৰুৰী সহায় বিচাৰিছে । হোৱাইট হাউছ ক’ৰোনা ভাইৰাছ টাস্ক ফৰ্চৰ আগত মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে কয় – আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপত ভাৰতৰ হাইড্ৰ’ক্সিক্ল’ৰোকুইনটেবলেট আমেৰিকালৈ জৰুৰী সৰবৰাহৰ বিষয়ে আলোচনা কৰা হয় আৰু প্ৰধানমন্ত্ৰী মোদীয়ে এই বিষয়টো গভীৰভাৱে লৈছে ।

মাৰ্কিন ৰাষ্ট্ৰপতিজনে আৰু কয় – ময়ো এই ঔষধ খাব পাৰো । এই সন্দৰ্ভত চিকিৎসকসকলৰ সৈতে আলোচনা কৰিছোঁ । ভাৰতত প্ৰচুৰ পৰিমাণে হাইড্ৰ’ক্সিক্ল’ৰোকুইন টেবলেট প্ৰস্তুত কৰা হয় । কিয়নো দেশখনত কোটি কোটি নাগৰিকৰ বাবে এই টেবলেট অত্যন্ত প্ৰয়োজনীয় । এই মেলেৰিয়া প্ৰতিৰোধী ঔষধ ক’ভিড-১৯ ভাইৰাছৰ চিকিৎসাৰ বাবেও অত্যন্ত উপযোগী । আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও টুইটাৰযোগে মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে হোৱা কথোপকথনৰ বিষয়ে জানিবলৈ দিয়ে । তেওঁ কয় – আমাৰ মাজত এই বিষয়ে আলোচনা হৈছে আৰু ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰত-আমেৰিকাই যৌথভাৱে পূৰ্ণ শক্তিৰে যুঁজ দিব । ক’ৰোনাত আক্ৰান্ত হৈ আমেৰিকাত ৮ সহস্ৰাধিক লোকৰ প্ৰাণহানি হোৱাত গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে ।

উল্লেখ্য যে, ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজত সহায় কৰা মেলেৰিয়াৰ ঔষধ ৰপ্তানিত ভাৰতে নিষেধাজ্ঞা আৰোপ কৰি থৈছে । চৰকাৰৰ মতে, দেশত হ’ব পৰা প্ৰয়োজনৰ বাবে ইয়াৰ ৰপ্তানিত নিষেধাজ্ঞা আৰোপ কৰাটো প্ৰয়োজনীয় । অৱশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই অনুৰোধৰ প্ৰতি সঁহাৰি দি কয় – আমি যিমানদূৰ পাৰোঁ , চেষ্টা কৰিম । উল্লেখ্য যে, ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত স্বাস্থ্যকৰ্মী সকলৰ বাবে অত্যন্ত প্ৰয়োজনীয় হিচাপে বিবেচনা কৰা হৈছে এই টেবলেট । দেশৰ ১৩০ কোটি জনতাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখিহে এই ঔষধ ৰপ্তানিৰ ক্ষেত্ৰত সিদ্ধান্ত ল’ব ভাৰতে ।

Featured
Comments (0)
Add Comment