ক’ৰোনা ৰোগীৰ নিশাহতো ক’ভিড-১৯ ভাইৰাছ বিয়পে

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ ন’ভেল ক’ৰোনা ভাইৰাছ মহামাৰীয়ে বিশ্বৰ ১১ লক্ষাধিক লোকক আক্ৰান্ত কৰা আৰু ৬০ হাজাৰৰো অধিক লোকক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পাচতো আজিলৈকে উদ্ভাৱন হোৱা নাই কোনো ভেকচিন । প্ৰথম অৱস্থাত ৰোগীৰ থু-খেকাৰ বা সংস্পৰ্শৰ পৰা এই মহামাৰী বিয়পে বুলি চিকিৎসা বিজ্ঞানীসকলে নিশ্চিত কৰিছিল যদিও বৰ্তমান আমেৰিকাৰ চিকিৎসা বিজ্ঞানীয়ে ঘোষণা কৰিছে যে ক’ৰোনা মহামাৰীৰ ভাইৰাছ এটা বতাহত বিয়পা ৰোগ । গতিকে ৰোগীৰ উশাহ-নিশাহ বা কথা-বতৰাৰ জৰিয়তেও আন এজনলৈ এই ৰোগ বিয়পিব পাৰে । এই ৰোগৰ পৰা ৰক্ষা কৰিবলৈ একমাত্ৰ উপায় হ’ল সামাজিক দূৰত্ব মানি নিজকে আছুতীয়াকৈ ৰখা ।

ইউনাইটেড ষ্টেট চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনৰ তৰফৰ পৰা জনোৱা অনুসৰি ৰোগীয়ে কাহ বা হাঁচি মাৰোঁতে বতাহত মিলি যায় ভাইৰাছ । তাৰ ফলত ক’ৰোনা ভাইৰাছ আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে । বিজ্ঞানীসকলে জনোৱা মতে, ৬ফুট পৰ্যন্ত এই ভাইৰাছে কোনো লোকক সংক্ৰমিত কৰিব পাৰে । ইফালে, নেচনেল ইনষ্টিটিউট অৱ হেলথৰ মুৰব্বী এণ্টনী ফাউছীয়ে কয় যে শেহতীয়া তথ্য মতে, ক’ৰোনা ভাইৰাছ সংক্ৰমিত হ’ব পাৰে ৰোগীয়ে কেৱল কথা পতাৰ বাবেই । সেই বাবে তেওঁ পৰামৰ্শ দিছে কেৱল ৰুগীয়া লোকেহে মুখত মাস্ক পৰিধান কৰাটো অত্যন্ত প্ৰয়োজনীয় । আনহাতে, এজন ভাইৰ’লজিষ্টৰ মতে, ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ উশাহ-নিশাহৰ বাবেই বিশ্বত বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা । যিহেতু প্ৰথম অৱস্থাত এই ৰোগৰ কোনো লক্ষণ ধৰা নপৰে , সেয়ে এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ সামাজিক দূৰত্ব বজাই ৰখাটোৱেই একমাত্ৰ উপায় ।

Featured
Comments (0)
Add Comment