গ্রেটা থুনবার্গৰ কাহিনীক লৈ নির্মাণ হ’ব তথ্যচিত্র

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ জলবায়ু পৰিৱর্তনৰ বিষয় লৈ বিশ্বজুৰি সজাগতা আন্দোলন গঢ়ি তোলা ছুইডেনৰ ষোড়শী ছাত্রী গ্রেটা থুনবার্গক লৈ নির্মাণ হ’ব এখন তথ্যচিত্র ৷ এগৰাকী সাধাৰণ স্কুলীয়া ছাত্রীৰ পৰা কেনেদৰে জলবায়ু আন্দোলনৰ তৰুণী নেত্রী হিচাপে জীৱন পৰিক্রমা গ্রেটাই গঢ়ি তুলিলে, তাক লৈ বিভিন্ন কাহিনী দৃশ্যায়ন কৰি থকা হৈছে ৷

২০২০ চনৰ গ্রীষ্মত হুলুৰ তৰফৰ পৰা ‘গ্রেটা’ শীর্ষক এই তথ্যচিত্রৰ মুক্তি দিয়া হ’ব ৷ উল্লেখনীয় যে এই প্রকল্পত নিয়োজিত কেইবাগৰাকীও কর্মীয়ে ছুইডেনৰ ষোড়শীগৰাকীৰ বিভিন্ন মুহূর্তৰ আন্দোলনৰ দৃশ্যই তথ্যচিত্রখনত স্থান লাভ কৰিব বুলি ঘোষণা কৰিছে ৷

যোৱা আগষ্ট মাহত ষ্টকহ’মৰ সংসদ ভৱনৰ বাহিৰত আন্দোলন আৰম্ভ কৰা গ্রেটাই পৰৱর্তী সময়ত বিশ্বৰ শিক্ষার্থীসকলৰ মাজত জলবায়ু পৰিৱর্তনৰ বিষয় লৈ সজাগতা সৃষ্টি কৰিবলৈ সক্ষম হয় ৷ বর্তমান বিশ্বৰ জলবায়ু আন্দোলনৰ আটাইতকৈ জনপ্রিয় নেত্রীগৰাকী হৈছে গ্রেটা থুনবার্গ । আনকি ৰাষ্ট্রসংঘৰ মজিয়াতো গ্রেটাই বিশ্বৰ সমৃদ্ধিশালী দেশৰ নেতাসকলৰ বিৰুদ্ধে অগ্নিবর্ষী ভাষণেৰে সৃষ্টি কৰিছে চমক ৷

Comments (0)
Add Comment