চীনত ভয়াৱহ দৰিদ্রতাৰ কবলত উইঘোৰ–তিব্বতী লোক

চৰকাৰী প্রতিবেদন প্রকাশৰ পিছতে বিশ্বজুৰি প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ মাত্র কেইটামান বছৰৰ ভিতৰতে দৰিদ্রতা দূৰীকৰণৰ ক্ষেত্রত চমকপ্রদ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা বিশ্বৰ আটাইতকৈ জনবহুল ৰাষ্ট্র চীনত মুছলমান তথা তিব্বতী লোকসকলেই দুখীয়া ৷ ২০১৮ বর্ষৰ অন্তত চীনত আছিল ১৬.৬ নিযুত গ্রামাঞ্চলৰ দুখীয়া লোক ৷ এই লোকসকলৰ বার্ষিক উপার্জন ২৩ হাজাৰ টকা আছিল ৷ শেহতীয়াকৈ ১০ নিযুত লোকক চলিত বর্ষত চীনে দৰিদ্রতামুক্ত কৰিবলৈ সংকল্প গ্রহণ কৰিছে যদিও ৪০০ কাউণ্টিত থকা তিব্বতী আৰু উইঘোৰ মুছলমানসকলেই আটাইতকৈ দাৰিদ্র্যপীড়িত বুলি চিহ্ণিত হৈছে ৷ চৰকাৰী এক প্রতিবেদনত এই তথ্য সদৰী হোৱাৰ পিছতে কমিউনিষ্ট চীনত তিব্বতী আৰু উইঘোৰ সংখ্যালঘু মুছলমান সম্প্রদায়ৰ লোকসকল ভয়াৱহ বৈষম্যৰ চিকাৰ হৈছে বুলি কেইবাটাও আন্তর্জাতিক মানৱ অধিকাৰ সংস্থাই প্রতিক্রিয়া প্রকাশ কৰিছে ৷

Comments (0)
Add Comment