চীনৰ পৰা অহা যাত্রীক দিল্লী বিমানবন্দৰত সূক্ষ্ম নিৰীক্ষণ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ চীনত ভয়াৱহ ৰূপ লোৱা ঘাতক ক’ৰোনা ভাইৰাছক লৈ আতংকৰ সৃষ্টি হোৱাৰ পিছতে চীনৰ পৰা অহা যাত্রীসকলক সূক্ষ্ম নিৰীক্ষণ কৰা হৈছে দিল্লী আন্তর্জাতিক বিমানবন্দৰত৷

ইতিমধ্যে চীনত ৩০০তকৈও অধিক লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ সমান্তৰালকৈ এছিয়াৰ কেইবাখনো দেশলৈ বিয়পি পৰাৰ পৰিপ্রেক্ষিততেই সতর্কতামূলক পদক্ষেপ গ্রহণ কৰি চীনৰ পৰা ভাৰতলৈ অহা যাত্রীসকলক দিল্লীৰ ইন্দিৰা গান্ধী আন্তর্জাতিক বিমানবন্দৰত থার্মেল স্ক্রীনিং কৰা হৈছে৷

কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্রালয়লৈ কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল মন্ত্রালয়ে প্রেৰণ কৰা পৰামর্শমূলক জাননীৰ পিছতেই বিমানবন্দৰত এই পদক্ষেপ লোৱা হৈছে৷ উল্লেখ্য যে চীনৰ পৰা নতুন দিল্লী বিমানবন্দৰলৈ অহাৰ পিছত যাত্রীসকল কলকাতা, মুম্বাই আদিলৈ যাত্রা কৰে৷

যাত্রীসকলক সূক্ষ্ম নিৰীক্ষণৰ বাবে বিমানবন্দৰত থার্মেল কেমেৰা স্থাপন কৰা হৈছে৷ উল্লেখ্য যে ভাৰতৰ লগতে আমেৰিকা যুক্তৰাষ্ট্র, অষ্ট্রেলিয়া, হংকং আৰু উত্তৰ কোৰিয়াতো চীনৰ পৰা অহা বিমানযাত্রীক সূক্ষ্ম নিৰীক্ষণ কৰাৰ অন্ততহে বিমানবন্দৰৰ পৰা দেশখনৰ বিভিন্ন প্রান্তলৈ যাবলৈ অনুমতি দিয়া হয়৷

চীনৰ ব্রুহান প্রদেশৰ লগতে বিভিন্ন প্রান্তত ইতিমধ্যে ক’ৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছত বিশ্ব স্বাস্থ্য সংস্থাই সতর্কবাণী জাৰি কৰিছে৷ চীনৰ ৰাষ্ট্রীয় স্বাস্থ্য আয়োগে প্রকাশ কৰা তথ্য মতে আক্রান্ত ৩০০ লোকৰ ভিতৰত ৬জনৰ মৃত্যু ঘটিছে৷ লক্ষণীয় যে এই আক্রান্তৰ ভিতৰত ১৫গৰাকী চিকিৎসা কর্মীও আছে৷

Comments (0)
Add Comment