জামাইকাৰ ভাৰতীয় বংশোদ্ভৱ টনী–এন সিঙৰ শিৰত মিছ ৱর্ল্ড–২০১৯ খিতাপ

ভাৰতৰ সুমন ৰাও দ্বিতীয় ৰানাৰ আপ

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ ২০১৯ চনৰ মিছ ৱর্ল্ড খিতাপ লাভ কৰিছে জামাইকাৰ ভাৰতীয় বংশোদ্ভৱ টনী–এন সিঙে ৷ শনিবাৰে নিশা লণ্ডনত অনুষ্ঠিত সৌন্দর্য প্রতিযোগিতাৰ চূড়ান্ত ৰাউণ্ডত ২৩ বছৰীয়া জামাইকাৰ সুন্দৰীগৰাকীয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷ জামাইকাৰ মৰাণ্ট বেত জন্মগ্রহণ কৰা টনী–এন সিঙৰ পৰিয়াল তেওঁৰ ৯ বছৰ বয়সতে আমেৰিকালৈ আহি ফ্ল’ৰিডাত থিতাপি লয় ৷

ফ্ল’ৰিডা ষ্টেট ইউনিভাৰছিটীৰ পৰা ৱ’মেন ষ্টাডিজ এণ্ড চাইক’লজী বিষয়ত স্নাতক ডিগ্রী লাভ কৰা সিঙে ভৱিষ্যতে এগৰাকী চিকিৎসক হ’ব বিচাৰে ৷ উল্লেখ্য যে টনী–এন সিঙৰ মাতৃ জামাইকাৰ হ’লেও তেওঁৰ পিতৃ ব্রেডশ্ব’ সিং ভাৰতীয় মূলৰ ৷ ইফালে, ৬৯সংখ্যক মিছ ইণ্ডিয়াৰ দ্বিতীয় ৰানাৰ আপ হয় ৰাজস্থানৰ উদয়পুৰৰ ফেমিনা মিছ ইণ্ডিয়া ২১ বছৰীয়া সুমন ৰাও ৷

মুম্বাইৰ ইউনিভাৰছিটীৰ একাউটেঞ্চীৰ ছাত্রী সুমন ৰাও এগৰাকী কথক নৃত্যশিল্পীও ৷ সৌন্দর্য প্রতিযোগিতাৰ প্রথম ৰানাৰ আপ হয় ফ্রান্সৰ অ’পহেলি মেজিনো ৷

Featured
Comments (0)
Add Comment