জেমছ বণ্ডৰ ছবিৰ অভিনেত্রী অ’লগা কাৰিলেংক’ ক’ৰোনা ভাইৰাছত আক্রান্ত

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ হলীউডৰ ছবি জেমছ বণ্ডৰ তাৰকা অ’লগা কাৰিলেংক’ ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হৈছে ৷ নিজৰ ইনষ্টাগ্রাম পোষ্টত ‘কোৱাণ্টাম অৱ ছ’লাচ’ ছবিৰ অভিনেত্রীগৰাকীয়ে ক’ৰোনাত আক্রান্ত হোৱা বুলি উল্লেখ কৰি অনুৰাগীসকলক এইক্ষেত্রত গুৰুত্ব প্রদান কৰিবলৈ আহ্বান জনাইছে ৷ ইউক্রেইনত অংশগ্রহণ কৰা অভিনেত্রী মডেল অ’লগাই নভেল ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্রমিত হোৱা বুলি ঘোষণা কৰাৰ পিছতে হলীউডত বিষয়টোক লৈ সৰৱ চর্চা চলিছে ৷ ২০০৮ চনত জেমছ বণ্ড ছিৰিজৰ কোৱাণ্টাম অৱ ছ’লাচত অভিনয় কৰি অনুৰাগীৰ হৃদয় জিনিবলৈ সক্ষম হৈছিল অ’লগাই ৷ ২০১৩ চনত ‘অব্লিভিয়ন’ ছবিৰ জৰিয়তে বিশ্বজুৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল অভিনেত্রীগৰাকীয়ে ৷ ৪০ বছৰীয়া অ’লগাৰ পূর্বে যোৱা সপ্তাহত হলীউডৰ অস্কাৰ বিজয়ী অভিনেতা টম হেংকছ আৰু তেওঁৰ পত্নী ৰীতা উইলছন ক’ৰোনাত আক্রান্ত হৈছিল ৷

Comments (0)
Add Comment