জৈৱ–ৰসায়নবিদ মহিলালৈ ‘মিছ আমেৰিকা’ খিতাপ

বিজ্ঞান গৱেষণাৰে মেধাৰ পৰিচয় ২৪ বছৰীয়া স্ক্রিয়াৰৰ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ আমেৰিকাৰ জৈৱ–ৰসায়নবিদ ২৪ বছৰীয়া মহিলা এগৰাকীয়ে ২০২০ৰ ‘মিছ আমেৰিকা’ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে ৷ উল্লেখনীয় যে প্রতিযোগিতাত এক চলন্ত বিজ্ঞান পৰীক্ষাৰ প্রদর্শনেৰে ৫০গৰাকী মহিলাক পৰাভূত কৰিবলৈ সক্ষম হৈছে কেমিল্লে স্ক্রিয়াৰ নামৰ ২৪ বছৰীয়া জৈৱ–ৰসায়নবিদগৰ ৷ কালি কানেক্টিকাটৰ আনকাজভিল্লেত অনুষ্ঠিত হৈছিল এই খিতাপৰ বাবে চূড়ান্ত প্রতিযোগিতা ৷ উল্লেখনীয় যে পৰীক্ষাগাৰত ব্যৱহাৰ এটা কোট পৰিধান কৰি ২৪ বছৰীয়া স্ক্রিয়াৰে ৰসায়নৰ ক্ষেত্রত থকা প্রচুৰ মেধাৰ পৰিচয় দি বিচাৰকসকলৰ নজৰ কাঢ়িবলৈ সক্ষম হয় ৷ ইয়াৰ জৰিয়তে খিতাপৰ সৈতে গৱেষণাৰ জলপানি হিচাপে স্ক্রিয়াৰে লাভ কৰিব ৫০ হাজাৰ ডলাৰ ৷ লক্ষণীয়ভাৱে এবছৰৰ বাবে মহিলাগৰাকীৰ শিৰত থাকিব মিছ আমেৰিকাৰ খিতাপ ৷

Comments (0)
Add Comment