দুদিনত ৫০ প্রতিবাদকাৰী নিহত, ম্যানমাৰত সামৰিক আইন প্রয়োগ

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ সামৰিক অভ্যুত্থানৰ পিছত বিক্ষোভৰ অগ্ণিপিণ্ডত পৰিণত হোৱা প্রতিবাদকাৰীৰ বিৰুদ্ধে অধিক হিংস্র হৈ পৰিছে ম্যানমাৰৰ সেনা আৰু আৰক্ষী৷ বিগত দুটা দিনত সেনা–আৰক্ষীৰ গুলীত ৫০গৰাকী প্রতিবাদকাৰী দেশখনৰ বিভিন্ন স্থানত নিহত হোৱাৰ পিছত ম্যানমাৰৰ সামৰিক চৰকাৰে কেইবাখনো জিলাত মার্চিয়েল ল অর্থাৎ সামৰিক আইন প্রয়োগ কৰিছে৷

লক্ষণীয়ভাৱে শেহতীয়াকৈ দেশখনৰ বৃহত্তম মহানগৰ য়াংগুনত অধিক জংগী হৈ পৰিছে জনতাৰ বিক্ষোভ৷ কালি গৰিষ্ঠসংখ্যক প্রতিবাদকাৰী আৰক্ষীৰ গুলীত নিহত হৈছে য়াংগুনত৷ প্রতিবাদকাৰী জনসাধাৰণে শীঘ্রে অসামৰিক নেত্রী আং ছান ছ্যু কীক মুক্তি দিয়াৰ দাবী জনাইছে৷ ছ্যু কীৰ নেচনেল লীগ ফৰ ডেম’ক্রেচী (এনএলডি)ৰ হাতত শাসনভাৰ গতাই দিবলৈ সামৰিক চৰকাৰক দাবীও জনাইছে প্রতিবাদী জনসাধাৰণে৷

স্মর্তব্য যে যোৱা নৱেম্বৰৰ নির্বাচনত এন এল ডিয়ে দেশখনত অভূতপূর্ব বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল৷ কিন্তু দেশখনৰ সেনাই এই নির্বাচনত এন এল ডিয়ে প্রৱঞ্চনাৰ আশ্রয় লোৱাৰ অভিযোগ কৰি আহিছে৷