নতশিৰ পাকিস্তানঃ অসামৰিক ক’ৰ্টত আবেদনৰ সুযোগ পাব কুলভূষণ যাদৱে

নিউজডেস্ক, ১৪ নৱেম্বৰঃ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ আন এক কূটনৈতিক হেঁচাত ভাৰতীয় কাৰাবন্দী কুলভূষণ যাদৱক লৈ নতশিৰ হ’ল পাকিস্তান । চোৰাংচোৱাগিৰি আৰু সন্ত্ৰাসবাদৰ সৈতে জড়িত থকাৰ অপৰাধত পাকিস্তানৰ সামৰিক আদালতে মৃত্যুদণ্ডৰ শাস্তি ঘোষণা কৰা ভাৰতীয় কাৰাবন্দী কুলভূষণ যাদৱক অসামৰিক আদালতত আবেদনৰ সুযোগ দিব ইছলামাবাদে । কুলভূষণ যাদৱক এই সুযোগ প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী ইমৰান খান নেতৃত্বাধীন পাক চৰকাৰে দেশখনৰ সামৰিক আইখনো সংশোধন কৰিব । উল্লেখ্য যে অলপতে ভাৰতীয় কাৰাবন্দী কুলভূষণ যাদৱক লৈ পাকিস্তান চৰকাৰে ভিয়েনা চুক্তি উলংঘন কৰা বুলি ইণ্টাৰনেচনেল ক’ৰ্ট অৱ জাষ্টিচৰ মুৰব্বীগৰাকীয়ে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত লিখিত প্ৰতিবেদন দাখিল কৰাৰ পাছতেই পাকিস্তান চৰকাৰে সামৰিক আইন সংশোধনীৰে যাদৱক অসামৰিক আদালতত আবেদনৰ সুযোগ দিবলৈ বাধ্য হৈছে বুলি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চিত হৈছে । মন কৰিবলগীয়া যে ২০১৭ চনত কুলভূষণ যাদৱক পাকিস্তানৰ সামৰিক আদালতে চোৰাংচোৱাগিৰি আৰু সন্ত্ৰাসবাদৰ সৈতে জড়িত থকাৰ অপৰাধত মৃত্যুদণ্ডৰ ৰায় দিছিল ।

Kulbhushan Jadhav