নাইজেৰিয়াত গেছ বিস্ফোৰণত নিহত ১৫জন

নিয়মীয়া বাৰ্তা, ১৭ মার্চঃ নাইজেৰিয়াৰ বাণিজ্যিক ৰাজধানী লাগ’ছত এটা গ্রেছ প্রকল্পত সংঘটিত বিস্ফোৰণত কমপক্ষেও ১৫গৰাকী লোক নিহত হোৱাৰ উপৰি অন্য কেইবাগৰাকীও আহত হৈছে৷ দেশখনৰ ৰাষ্ট্রীয় পেট্র’লিয়াম নিগমে (এনএনপিচি) এক বিবৃতিত সদৰী কৰিছে এই তথ্য ৷ লাগ’ছৰ আবুলে আড’ অঞ্চলত গেছ চিলিণ্ডাৰৰ এখন ট্রাকে খুন্দিওৱাৰ ফলত এই বিস্ফোৰণ সংঘটিত হয় বুলি বিবৃতিটোত সদৰী কৰা হৈছে ৷ উল্লেখনীয় যে গেছ প্লেণ্টটো তেলৰ পাইপলাইনৰ ওচৰতে স্থাপন কৰা হৈছে ৷ এই বিস্ফোৰণৰ ফলত সমীপৱর্তী ৫০টাকৈ প্রাসাদ বিধ্বস্ত হৈছে৷ উল্লেখনীয় যে বিস্ফোৰণৰ পিছতে সমগ্র অঞ্চলটোত সৃষ্টি হয় ভয়াৱহ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডৰ পৰা পৰিত্রাণ পাবলৈ স্থানীয় বাসিন্দাসকলে নিৰাপদ স্থান বিচাৰি পলায়ন কৰে ৷

Comments (0)
Add Comment