নিউয়ৰ্কত প্ৰতি আঢ়ৈ মিনিটত প্ৰাণ গৈছে এজনকৈ লোকৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ আমেৰিকাৰ বিভিন্ন চহৰৰ ভিতৰত নিউয়ৰ্কত সৰ্বাধিক লোক আক্ৰান্ত হৈছে মহামাৰী ক’ৰোনা ভাইৰাছত । ইতিমধ্যে চহৰখনত মৃত্যু হৈছে ৩,৫৬৫ জন লোকৰ । দুই এপ্ৰিলৰ পৰা তিনি এপ্ৰিললৈ ২৪ ঘণ্টাৰ ভিতৰত নিউয়ৰ্কত ৫৬২ জন লোকে প্ৰাণ হেৰুৱাইছে । আনহাতে, শনিবাৰে প্ৰাণ গ’ল ৩৪৭ জন লোকৰ । নিউয়ৰ্কৰ গৱৰ্ণৰ এন্ড্ৰিউ কুয়ুমে জনোৱা মতে, এই সময়ছোৱাত প্ৰতি আঢ়ৈ মিনিটৰ মূৰে মূৰে এজনকৈ লোকৰ মৃত্যু হৈছে বিশ্বৰ অন্যতম সমৃদ্ধিশালী চহৰখনত । এনে পৰিস্থিতিত চহৰখনত চিকিৎসা সামগ্ৰীৰ অভাৱে পৰিস্থিতি অত্যন্ত স্পৰ্শকাতৰ কৰি তুলিছে ।

Comments (0)
Add Comment