নৌসেনাই পাব অত্যাধুনিক এম কে-৪৫ বন্দুক

প্ৰতিৰক্ষা সহযোগিতা ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ নতুন অধ্যায়ৰ সূচনা

নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শেহতীয়া আমেৰিকা ভ্ৰমণৰ সুফল হিচাপে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত হোৱাইট হাউচৰ পৰা বিশেষ সহযোগীতা লাভ কৰিবলৈ সক্ষম হৈছে নতুন দিল্লী প্ৰশাসনে । মাৰ্কিন বিদেশ দপ্তৰে ভাৰতক ১০০ কোটি ডলাৰৰ অত্যাধুনিক এম কে-৪৫ বন্দুক প্ৰদান কৰা বিষয়টোত অনুমোদন জনাইছে । স্মৰ্তব্য যে দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰাপত্তা সহযোগিতা সংস্থাৰ তৰফৰ পৰা এক বিবৃতিত এই কথা ঘোষণা কৰা হৈছে । ১৩ টাকৈ এম কে-৪৫ বন্দুক নৌসেনাৰ বাবে ক্ৰয় কৰিব ভাৰতে । ভাৰতীয় নৌ সেনাই এই অত্যাধুনিক অস্ত্ৰৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰক অনুৰোধ জনাই আহিছে । আৰব সাগৰত থকা নৌসেনাৰ ঘাটিলৈ এই অত্যাধুনিক সমৰাস্ত্ৰ প্ৰেৰণ কৰাৰ পিছতে দেশৰ নৌসেনাৰ শক্তি বৃদ্ধি পাব বুলি বিভিন্ন মহলে ধাৰণা কৰিছে । উল্লেখ্য যে ইতিমধ্যে এছিয়াত ভাৰতক আমেৰিকাই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত অন্যতম সহযোগী হিচাপে আখ্যা দিয়াৰ উপৰি দুয়োখন দেশৰ মাজত বহুকেইখন চুক্তি স্বাক্ষৰ হৈছে ।

FeaturedINDIAN NAVY