নৰেন্দ্ৰ মোডী সম্পৰ্কে মিছা বাতৰিঃ বাংলাদেশৰ ২ কাকতলৈ জাননী

নিয়মীয়া বাৰ্তা,২৫ নৱেম্বৰঃ নৰেন্দ্ৰ মোডী সম্পৰ্কে ভিত্তিহীন বাতৰি প্ৰচাৰৰ পাচতেই এতিয়া বাংলাদেশৰ দুখন দৈনিক কাকতলৈ বাখ্যা বিচাৰি জাননী প্ৰেৰণ কৰিছে বাংলাদেশ তথ্য মন্ত্ৰালয়ে । বাবৰি মছজিদ আৰু ৰাম মন্দিৰ বিতৰ্কৰ কথা বাংলাদেশৰ দৈনিক কাকতসমূহেও সমানেই গুৰুত্ব প্ৰদান কৰিছিল । সেই খবৰ ছপা হৈছিল বাংলাদেশৰ প্ৰতিখন দৈনিক কাকতত । কিন্তু দৈনিক মানবজমিন নামৰ কাকতখনে এটা বাতৰিৰ হেডলাইন প্ৰকাশ কৰিছিল এনেদৰে “বাবৰি মছজিদ বিতৰ্কৰ ৰায়ঃ ৫ ন্যায়াধীশক শুভেচ্ছা জনালে মোডীয়ে ” ।

এই খবৰ প্ৰকাশ হোৱাৰ পাচতেই সক্ৰিয় হৈ পৰে ঢাকাস্থিত ভাৰতীয় হাই কমিছন । লগতে ভাৰতীয় দূতাবাসে এই খবৰৰ বাবে প্ৰতিবাদ জনায় বাংলাদেশ চৰকাৰক । এই খবৰ ভিত্তিহীন বুলি উল্লেখ কৰাৰ পাচতেই মানবজমিনৰ তৰফৰ পৰা ক্ষমা খোজা হয় যদিও বিষয়টি সন্দৰ্ভত হাচিনা চৰকাৰৰ তথ্য মন্ত্ৰালয়ে ব্যাখ্যা দাঙি ধৰাৰ জাননী প্ৰেৰণ কৰে কাকতখনলৈ । বাবৰি মছজিদ ৰায়ৰ এই সময়ছোৱাতে একেধৰণৰ খবৰ প্ৰকাশ বাবে আন এখন দৈনিক কাকত – দৈনিক নয়া দিগন্ত লৈও জাননী প্ৰেৰণ কৰিছে তথ্য মন্ত্ৰালয়ে ।

তথ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি এনেধৰণৰ খবৰে বাংলাদেশৰ সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰাৰ লগতে উদ্দেশ্যেপ্ৰণোদিত ভাৱে প্ৰকাশ কৰা হৈছে এই ভিত্তিহীন খবৰ ।

Featured