পাক চোৰাংচোৱা চক্রৰে জড়িত সাত ভাৰতীয় নাৱিকক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ ভাৰতীয় ছাবমেৰিনৰ চলাচলৰ ওপৰত নজৰ ৰখা পাকিস্তানৰ সৈতে জড়িত এক চোৰাংচোৱা চক্রক উৎখাত কৰিছে প্রশাসনে ৷ কেন্দ্রীয় চোৰাংচোৱা সংস্থাসমূহৰ সহায়ত অন্ধ্রপ্রদেশৰ চোৰাংচোৱাই এই পাক চক্রটোক উৎখাত কৰাৰ উপৰি সাতজনকৈ নৌসেনাৰ নাৱিকক গ্রেপ্তাৰো কৰিছে ৷

উল্লেখনীয় যে ইয়াৰ উপৰি গ্রেপ্তাৰ হৈছে এই চক্রটোক নেতৃত্ব দিয়া কুখ্যাত অপৰাধী এজন ৷ নৌসেনাৰ ইষ্টার্ন কমাণ্ডৰ ছাবমেৰিনৰ ওপৰত নজৰ ৰাখিছিল এই চক্রটোৱে ৷ উল্লেখনীয় যে ‘অপাৰেচন ডলফিন’ৰ জৰিয়তে অতি সংগোপনে কুখ্যাত এই চক্রটোৰ বিৰুদ্ধে চলোৱা হৈছিল অভিযান ৷

স্মর্তব্য যে ২০১৫ত নৌসেনাত যোগদান কৰা সাতজনকৈ নাৱিক গ্রেপ্তাৰ হোৱাৰ পিছতে সমগ্র ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ৷ নৌসেনাৰ ইষ্টার্ন কমাণ্ড হৈছে পাৰমাণৱিক ছাবমেৰিন থকা অতি গুৰুত্বপূর্ণ ঘাটি ৷ গ্রেপ্তাৰ হোৱা সাতগৰাকী নাৱিকৰ ভিতৰত আছে ইষ্টার্ন কমাণ্ডত নিয়োজিত তিনিগৰাকী বিষয়াও ৷ এই বিষয়াকেইগৰাকী আইএনএছ সিন্ধুকার্তি নামৰ ৰণতৰীখনত নিয়োজিত হৈ আছিল ৷

Comments (0)
Add Comment