প্ৰাণঘাতী ক’ৰোনা সংক্ৰমণত ‘অমৰত্ব’ লাভ কৰা স্পেইনৰ এখন চহৰ

নিয়মীয়া বাৰ্তা, ৫ এপ্ৰিলঃ সময়ৰ হিচাপত মাত্ৰ কেইটামান দিন । কোনেও ভাবিবই পৰা নাছিল এই দিনকেইটাৰ ভিতৰতে যে এখন দেশ মৃত্যুৰ উপত্যকালৈ পৰ্যবসিত হ’ব । পিছে কালৰ কুটিল গতিত নভবাটোৱে বাস্তৱ হ’ল । ইউৰোপ মহাদেশৰ অন্যতম অভিজাত দেশ স্পেইনত সৰ্বত্ৰ মৃত্যুৰ কিৰীলি – মাৰাত্মক ন’ভেল ক’ৰোনা ভাইৰাছৰ বিভীষিকা । চৰকাৰী তথ্য অনুসৰি বৰ্তমানপৰ্যন্ত দেশখনৰ লক্ষাধিক বাসিন্দা চীনৰ য়ুহানত প্ৰাদুৰ্ভাৱ ঘটনা ক’ভিড-১৯ ত আক্ৰান্ত হোৱাৰ বিপৰীতে প্ৰায় ১২ হাজাৰজনৰ প্ৰাণহানি হৈছে । প্ৰাণঘাতী ভাইৰাছৰ এনে সংহাৰলীলাৰ পাচতো স্পেইনত যেন অমৰত্ব লাভ কৰিছে এখন চহৰে । জাহাৰা-দা-লা-ছিয়েৰা- এই চহৰখনৰ নাম । মৃত্যু উপত্যকাত এখন স্বৰ্গৰাজ্য ৰূপে চিহ্নিত হোৱা জাহাৰা-দা-লা-ছিয়েৰাত তিলমানো নাই কালান্তক ক’ভিড-১৯ ৰ আতংক । সমগ্ৰ স্পেইন একপ্ৰকাৰ ছাৰখাৰ কৰি পেলালেও প্ৰাণঘাতী এই ভাইৰাছে অলপো স্পৰ্শ কৰিব পৰা নাই চহৰখনক । জাহাৰা-দা-লা-ছিয়েৰাৰ প্ৰতিজন বাসিন্দাই ন’ভেল ক’ৰোনা ভাইৰাছৰ পৰা সুৰক্ষিত ।

যি সময়ত স্পেইনত মৃতদেহৰ দম বান্ধিছে , সেইসময়ত এই চহৰখনৰ কোনো লোকৰ প্ৰাণহানি ঘটাৰ কথা বাদেই এজনো আক্ৰান্তই হোৱা নাই । আন্তঃৰাষ্ট্ৰীয় সংবাদমাধ্য়মত বিশেষভাৱে চৰ্চা লাভ কৰা বিষয়টোৱেই হৈছে- কি যাদুৰ বলত মহামাৰীৰ সংহাৰলীলাক দমন কৰি উচ্চশিৰে থিয় হৈ থাকিব পাৰিছে জাহাৰা-দা-লা-ছিয়েৰাই । চৌদিশ পাহাৰে ঘেৰি থকা প্ৰকৃতিৰ নৈসৰ্গিক দৃশ্যৰে ভৰপূৰ এই চহৰখন । এক কথাত ক’বলৈ গ’লে স্পেইনৰ দক্ষিণাঞ্চলৰ জাহাৰা-দা-লা-ছিয়েৰা এটা দুৰ্গসদৃশ । ভৌগোলিক অৱস্থানৰ দিশপ পৰা এই চহৰখন দেশৰ অন্যান্য অঞ্চলৰ পৰা বিচ্ছিন্ন হৈ থকাৰ ক্ষেত্ৰত প্ৰাকৃতিকভাৱে অতি সুবিধাজনক । সেউজ পাহাৰৰ কোলাত কেৱল বগা ৰঙৰ সৰু সৰু একোটা ঘৰ । প্ৰতিটো ঘৰৰ মাজত নিৰ্দিষ্ট ব্যৱধান আছে । পাহাৰৰ ঠিক তলেৰে বৈ গৈছে নীলিম সলিলৰাশিৰ এটা হ্ৰদ । চহৰখনৰ বাসিন্দা প্ৰায় ১,৪০০ টা পৰিয়াল । এই পৰিয়ালকেইটাই যেন এখন নিজস্ব পৃথিৱীতহে বাস কৰে । বহিঃজগতৰ সৈতে যোগাযোগৰ বাবে চহৰখনত আছে পাঁচটা প্ৰৱেশ পথ । প্ৰধানতঃ এই প্ৰৱেশ পথকেইটাই ভয়ংকৰ দুৰ্যোগৰ পৰা জাহাৰা-দা-লা-ছিয়েৰাক সুৰক্ষিত কৰি ৰাখিছে । যোৱা ১৪ মাৰ্চত স্পেইনত ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্ৰমণক লৈ সতৰ্ক বাৰ্তা জাৰি হোৱাৰ পাছতেই চহৰখনৰ মেয়ৰ ছান্তিয়াগো গ্যালভেনে এই ৫ প্ৰৱেশ পথৰ চাৰিটাতে কাৰ্যতঃ তলাবন্ধ কৰি দিয়ে । ইয়াৰ লগে লগে দেশৰ অন্য প্ৰান্তৰ পৰা বিচ্ছিন্নপ্ৰায় হৈ পৰে জাহাৰা-দা-লা-ছিয়েৰাবাসী । ইয়াতেই ক্ষান্ত নাথাকি মেয়ৰ গ্যালভেনে চহৰবাসীক নিয়োজিত কৰে চাফাই কৰ্মত । প্ৰত্যেকৰে ঘৰ-দুৱাৰৰ পৰা আৰম্ভ কৰি ৰাস্তা-ঘাটলৈকে সকলো চাফ-চিকুণ কৰিবলৈ চহৰবাসীক নিৰ্দেশ দিয়া হয় । এই নিৰ্দেশ পালন কৰি চহৰবাসীয়েও নিজ নিজ কামত ব্ৰতী হৈ পৰে । পাঁচখন প্ৰৱেশদ্বাৰৰ যিখন খোলা ৰখা হৈছিল , সেইখনত নিয়োজিত কৰা হয় নিৰাপত্তাৰক্ষী ।

এই সন্দৰ্ভত মেয়ৰ গ্যালভেনে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা প্ৰতিক্ৰিয়া এনেধৰণৰ – ‘খোলা ৰখা প্ৰৱেশদ্বাৰখনৰে কোনো যান-বাহন আমাৰ চহৰলৈ আহিছে নে নাই , সেইটো সঠিকভাৱে পৰ্যবেক্ষণ কৰা হৈছে । আমাৰ নিজৰ লগতে প্ৰতিবেশী চহৰসমূহক ক’ভিড-১৯ সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল ।’ চাফাই কৰ্মৰ বাবে চহৰবাসীক দিয়া নিৰ্দেশ পালনৰ ক্ষেত্ৰতো বিশেষ ৰুটিন অৱলম্বন কৰিবলৈ কোৱা হৈছিল । এই অনুসৰি প্ৰতি সোম আৰু বৃহস্পতিবাৰে চহৰখনৰ ১০ জনকৈ বাসিন্দাই সকলো শ্বপিং মল, অট্টালিকা , পথ পৰিষ্কাৰ কৰি আহিছে । দুগৰাকী মহিলাক দায়িত্ব দিয়া হৈছে চহৰখনৰ বয়োজ্যেষ্ঠ সকলৰ ঘৰে ঘৰে প্ৰয়োজনীয় খাদ্য সামগ্ৰী আৰু ঔষধ যোগান ধৰাৰ । সাধাৰণ দৃষ্টিত মহামাৰীৰ পৰা ৰক্ষা পৰিবলৈ এয়া তেনেই সৰু পদক্ষেপ । বিশেষকৈ জাহাৰা-দা-লা-ছিয়েৰা আৰু দেশৰ আন প্ৰান্তৰ মাজত যোগাযোগ বিচ্ছিন্ন কৰি দিয়াটো । কিন্তু এই সৰু পদক্ষেপটো জৰিয়তে অভূতপূৰ্ব সাফল্য লাভ কৰিলে জাহাৰা-দা-লা-ছিয়েৰাবাসীয়ে । সমগ্ৰ স্পেইনে যেতিয়া ক’ৰোনা ভাইৰাছৰ মহা আতংকময় পৰিৱেশৰ মাজত দিন কটাবলগীয়া হৈছে , সেই সময়তে জাহাৰা-দা-লা-ছিয়েৰাত এই মহাব্যাধিত আক্ৰান্তৰ সংখ্যা শূন্য । জাহাৰা-দা-লা-ছিয়েৰা নামৰ স্পেইনৰ এই সৰু চহৰখনে বিশ্ববাসীক প্ৰতীয়মাণ কৰি দেখুৱাই দিলে সঠিক সময়ত সঠিক সিদ্ধান্ত গ্ৰহণ কৰিলে শত্ৰু যিমানেই শক্তিশালী নহওক কিয়, তাক প্ৰতিৰোধ কৰিবলৈ সম্ভৱ ।

Featured
Comments (0)
Add Comment