ফুকুছিমাত তেজস্ক্রিয় বিকিৰণযুক্ত পানীক লৈ সংকট

জাপান চৰকাৰৰ প্রস্তাৱত অসন্তুষ্টি

নিয়মীয়া বাৰ্তা, ২৫ ডিচেম্বৰঃ জাপানৰ ফুকুছিমা পৰমাণু ক্ষেত্রত আবদ্ধ হৈ থকা তেজস্ক্রিয় বিকিৰণ প্রভাৱিত বৃহৎ পৰিমাণৰ পানী মুকলি কৰি দিয়া বিষয়টোক লৈ চলি আছে বিতর্ক ৷ বিগত কেইবা বছৰ ধৰি চৰকাৰে এই বিষাক্ত পানী ফুকুছিমা ডাইচি পৰমাণু ক্ষেত্রৰ পৰা মুকলি কৰি দিয়াৰ বাবে বিশেষজ্ঞসকলৰ সৈতে আলোচনা কৰি আছে যদিও এইক্ষেত্রত কোনোধৰণৰ সিদ্ধান্তত উপনীত হ’ব পৰা নাই ৷ চৰকাৰৰ সংস্থা এটাই শেহতীয়াকৈ প্রস্তাৱ আগবঢ়াইছে যে এই তেজস্ক্রিয় বিকিৰণযুক্ত পানী পৰমাণু ক্ষেত্রটোত দীঘদিনলৈ আবদ্ধ কৰি ৰখা সম্ভৱ নহয় ৷ গতিকে ইয়াক সাগৰত পেলাই দিয়াৰ চিন্তা–চর্চা কৰিছে সংস্থাটোৱে ৷ লগে লগে পৰিৱেশ সংস্থাসমূহে চৰকাৰৰ এনে প্রস্তাৱৰ বিৰুদ্ধে প্রতিক্রিয়া প্রকাশ কৰিছে ৷ স্মর্তব্য যে প্রায় এক নিযুত টন পৰমাণু বিকিৰণযুক্ত পানী আবদ্ধ হৈ আছে ফুকুছিমাত ৷

Comments (0)
Add Comment