বাংলাদেশৰ প্রথম হিন্দু মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ বাংলাদেশৰ প্রথমজন হিন্দু মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে গ্রেপ্তাৰী পৰোৱানা জাৰি কৰিছে দেশখনে৷ ন্যায়ালয়ৰ এক সূত্রই জানিবলৈ দিয়া মতে, ৬৮ বছৰীয়া সুৰেন্দ্র কুমাৰ সিন্হা নামৰ এই ন্যায়াধীশজনে বর্তমান আমেৰিকাত বসবাস কৰি আছে আৰু বাংলাদেশৰ দুর্নীতিবিৰোধী আয়োগে অভিযোগনামাত তেওঁক পলাতক ঘোষণা কৰিছে৷ সুৰেন্দ্র কুমাৰ সিন্হাৰ ওপৰত উঠিছে চাৰি কোটি বাংলাদেশী টকাৰ দুর্নীতিৰ অভিযোগ৷ ঢাকাৰ জ্যেষ্ঠ বিশেষ ন্যায়াধীশ কে এম ইমৰুল কায়েছে এই গোচৰ সন্দর্ভত সিন্হাৰ সৈতে আন ১০জনৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগৰ বিষয়ে জানিবলৈ দিয়ে৷ ‘ন্যায়াধীশ সিন্হাকে ধৰি আন ১০জন ব্যক্তিৰ বিৰুদ্ধে ২০১৬ চনত কৰা চাৰি কোটি টকাৰ দুর্নীতিৰ অভিযোগত অভিযুক্ত কৰাৰ লগতে দুর্নীতিবিৰোধী আয়োগে গ্রেপ্তাৰৰ নির্দেশ জাৰি কৰিছে৷’

সাংবাদিকৰ আগত পাব্লিক প্রছিকিউটৰ তাপস কুমাৰ পালে জানিবলৈ দিয়ে৷ এই গোচৰত অভিযুক্ত আন ১০জনৰ ভিতৰত আছে ফার্মার্ছ বেংকৰ প্রাক্তন জ্যেষ্ঠ বিষয়া আৰু ইয়াৰ প্রাক্তন সঞ্চালক৷ অভিযোগনামাত দুর্নীতিবিৰোধী আয়োগে অভিযোগনামাত চাৰি কোটিটকীয়া কেলেংকাৰিত জড়িত ১১জনক পলাতক ঘোষণা কৰিছে৷ উল্লেখ্য যে বর্তমান আমেৰিকা নিৱাসী সুৰেন্দ্র কুমাৰ সিন্হা আছিল বাংলাদেশৰ একবিংশসংখ্যক মুখ্য ন্যায়াধীশ৷ তেওঁ ২০১৫ চনৰ জানুৱাৰীৰ পৰা ২০১৭ চনৰ নৱেম্বৰলৈকে মুখ্য ন্যায়াধীশ হিচাপে কার্যনির্বাহ কৰিছিল৷

Comments (0)
Add Comment