বানত প্লাৱিত ইণ্ডোনেছিয়াঃ জাকাৰ্টাত ২১ জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ অতিমাত্ৰা বৰষুণৰ ফলত ইণ্ডোনেছিয়াত অব্যাহত আছে বানৰ তাণ্ডৱ । বিশেষকৈ জাকাৰ্টা আৰু দাঁতিকাষৰীয়া চহৰসমূহক বাৰুকৈয়ে জুৰুলা কৰিছে বানে । তথ্য অনুসৰি এই মুহূৰ্তলৈকে প্ৰায় ২১ জন লোকৰ মৃত্যু হৈছে জাকাৰ্টাত ।

বানৰ প্ৰতি লক্ষ্য ৰাখি চহৰখনত বিদ্যুত সংযোগ কৰ্তন কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছে জাকাৰ্টা ডমেষ্টিক বিমান বন্দৰৰ সেৱা । ইয়াৰ বৰ্তমানেও আবদ্ধ হৈ আছে প্ৰায় ২০,০০০ যাত্ৰী ।

Featured
Comments (0)
Add Comment