বিদেশতো ক’ৰোনা প্রতিৰোধ অভিযান চীনৰ

ইৰান–ইৰাকলৈ চিকিৎসক প্রেৰণঃ ফিলিপাইনছ, পাকিস্তান, শ্রীলংকালৈ সাহায্য

নিয়মীয়া বাৰ্তা, ২১ মার্চঃ ক’ৰোনা ভাইৰাছৰ অভিকেন্দ্র হিচাপে চীনৰ ৱুহান চিহ্ণিত হৈ পৰিছিল যদিও মাৰাত্মক ভাইৰাছবিধৰ দ্রুত বিস্তাৰত প্রতিৰোধ লগাবলৈ শেহতীয়াকৈ দেশখন সক্ষম হৈছে ৷ বর্তমান চীনে ক’ৰোনাৰ প্রতিৰোধৰ বাবে মাস্ক, চিকিৎসাজাত সামগ্রী আৰু বিশেষজ্ঞ চিকিৎসকক অন্য দেশলৈ প্রেৰণ কৰিছে ৷ গৃহভূমিৰ উপৰি বিদেশ ৰাষ্ট্রসমূহক ক’ৰোনাৰ মোকাবিলা কৰিবলৈ চীনে এই ব্যৱস্থা গ্রহণ কৰিছে৷ ক’ৰোনাৰ প্রাদুর্ভাৱৰ সময়ত তাৎক্ষণিকভাৱে চীনে কঠোৰ ব্যৱস্থা গ্রহণ কৰা নাছিল বুলি বিশ্বজুৰি প্রতিক্রিয়াৰ সৃষ্টি হৈছিল যদিও বিদেশী ৰাষ্ট্রসমূহক এই ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত সহায় আৰু সহযোগিতা আগবঢ়াই চীনে বিভিন্ন মহলৰ প্রশংসা লাভ কৰিবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ ফিলিপাইনছ আৰু পাকিস্তানক কেইবা লাখো ছার্জিকেল মাস্ক আৰু পৰীক্ষা কীট আগবঢ়াইছে চীনে৷ ইৰান আৰু ইৰাকলৈ প্রেৰণ কৰিছে বিশেষজ্ঞ চিকিৎসকৰ দল৷ ইতিমধ্যে ক’ৰোনাৰ মোকাবিলা কৰিবলৈ ঋণ হিচাপে দ্বীপৰাষ্ট্র শ্রীলংকাক প্রদান কৰিছে ৫০০ নিযুত ডলাৰ৷ বিশ্বত ক’ৰোনা মহামাৰীয়ে আতংক সৃষ্টি কৰাৰ সময়তে বেইজিং প্রশাসনে ঘোষণা কৰিছে যে অকল গৃহভূমিতেই নহয়, বিদেশতো এই ভাইৰাছবিধক প্রতিৰোধ লগাবলৈ যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ৰাষ্ট্রপতি ঝি জিনপিঙে ক’ৰোনা সংক্রমিত ইটালী আৰু স্পেইনৰ শীর্ষ নেতাসকলৰ সৈতে টেলিফোনিক বার্তালাপ কৰি দেশ দুখনক সহায় কৰাৰো প্রতিশ্রুতি দিছে ৷

Comments (0)
Add Comment