বুর্কিনা ফাছোত জেহাদীৰ আক্রমণ; ১৪ খ্রীষ্টানক নৃশংস হত্যা

নিউজডেস্ক, ৩ ডিচেম্বৰঃ পশ্চিম আফ্রিকান ৰাষ্ট্র বুর্কিনা ফাছোত দেওবাৰে ইছলামিষ্ট সন্ত্রাসবাদীয়ে গির্জালৈ প্রার্থনাৰ বাবে যোৱা ১৪ গৰাকী খ্রীষ্টান লোকক গুলীয়াই হত্যা কৰা ঘটনাক কেন্দ্র কৰি উত্তপ্ত হৈছে দেশখনৰ পৰিস্থিতি ৷ উল্লেখ্য যে স্কুটাৰত অহা বন্দুকধাৰীৰ দল এটাই জধে–মধে গুলীচালনা কৰাৰ ফলত দেশখনৰ পূব প্রান্তত  এই লোকসকল নিহত হৈছে ৷ আল–কায়দা আৰু ইছলামিক ষ্টেট সন্ত্রাসবাদীয়ে দীর্ঘদিন ধৰি বুর্কিনা ফাছোৰ পৰিস্থিতি অস্থিৰ কৰি আহিছে ৷ মালি আৰু নাইজাৰ সীমান্তৱর্তী দেশখনৰ দুর্গম অঞ্চলত দীর্ঘদিন ধৰি ইছলামিষ্ট জেহাদীয়ে নিৰীহ লোকক হত্যা কৰি চলাই আহিছে অস্থিৰতা ৷ তাৎক্ষণিকভাৱে এই ঘটনাত জড়িত থকা সন্ত্রাসবাদীকেইটাক প্রশাসনে চিনাক্ত কৰিব পৰা নাই ৷ কিন্তু দেশখনৰ সেনাই অভিযান তীব্রতৰ কৰিছে অঞ্চলটোত ৷ স্মর্তব্য যে যোৱা ফেব্রুৱাৰী মাহৰ পৰা খ্রীষ্টান লোকসকলৰ ওপৰত চলি আছে নির্বিচাৰ আক্রমণ ৷ ইয়াৰ পূর্বেও অঞ্চলটোত ২১গৰাকী খ্রীষ্টান লোক নিহত হৈছিল ৷