ব্রেক্সিট সম্পন্ন কৰাৰ বাবে সংসদত তৎপৰ জনছন

বৰদিনতে ইউৰোপীয় সংঘৰ পৰা আঁতৰিব পাৰে ব্রিটেইন

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ যোৱা ১২ ডিচেম্বৰৰ নির্বাচনত বৃহৎ বিজয়েৰে ইউৰোপীয় সংঘৰ পৰা ব্রিটেইনৰ প্রস্থান অর্থাৎ ব্রেক্সিট প্রক্রিয়াক সম্পন্ন কৰাৰ সুযোগ লাভ কৰিছে ব্রিটিছ প্রধানমন্ত্রী বৰিছ জনছনে৷ বৰিছ জনছনে বৰদিনৰ সময়তে ব্রেক্সিট সম্পন্ন কৰাৰ সংকল্প গ্রহণ কৰিছে৷ এই বাতৰি যুগুতোৱাৰ সময়ত ব্রিটিছ সংসদ হাউছ অৱ কমনছত জনছনৰ ব্রেক্সিট চুক্তি উত্থাপন কৰা হৈছে, য’ত সাংসদসকলে ভোটদান কৰিব৷ উল্লেখনীয় যে পূর্বতে সংসদত বাৰে বাৰে ভোট প্রক্রিয়াত প্রধানমন্ত্রী জনছনৰ ব্রেক্সিট চুক্তি ব্যর্থ হৈছিল যদিও এইবাৰ নির্বাচনৰ ফলাফল কনজাৰভেটিভ দলৰ সপক্ষে যোৱাৰ পিছত প্রধানমন্ত্রীগৰাকীয় ভবা ধৰণেই ইউৰোপীয় সংঘৰ পৰা ব্রিটেইনৰ প্রস্থান নিশ্চিত কৰিবলৈ সক্ষম হ’ব বুলি আশা প্রকাশ কৰিছে ৷ সংসদত কনজাৰভেটিভ দলৰ অভূতপূর্ব সংখ্যাগৰিষ্ঠতাৰ বাবে এই ব্রেক্সিট চুক্তিৰ সপক্ষে ভোটদান হ’ব বুলি আশা প্রকাশ কৰা হৈছে৷ লক্ষণীয়ভাৱে ইউৰোপীয় সংঘই ৩১ জানুৱাৰীলৈকে ব্রেক্সিট প্রক্রিয়া সম্পন্ন কৰিবলৈ প্রধানমন্ত্রী জনছনক সময়সীমা বান্ধি দিছে ৷ কিন্তু নির্বাচনত বিজয়ৰ পিছত চলিত মাহতেই তাক সম্পন্ন কৰাৰ ইংগিত দিছে জনছনে ৷

Featured
Comments (0)
Add Comment