বৰদিনৰ প্রার্থনাৰ পৰা বঞ্চিত হ’ব নট্রে–ডেম গির্জা

নিয়মীয়া বাৰ্তা, ২৩ ডিচেম্বৰঃ ফৰাচী ৰাজধানী চহৰ পেৰিছৰ নট্রে–ডেম গির্জাত প্রথমবাৰলৈ বৰদিনৰ সমূহীয়া প্রার্থনা সম্ভৱ নহ’ব ৷ উল্লেখনীয় যে যোৱা এপ্রিল মাহত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত ৮০০ বছৰতকৈ অধিক প্রাচীন এই বিশাল গির্জাটো পুৰি ছাই হৈছিল ৷ তেতিয়াৰে পৰা ইয়াৰ পুনৰ নির্মাণকার্য চলি আছে যদিও বৰদিনৰ প্রাক্ক্ষণত অর্থাৎ মাজনিশা সমূহীয়া প্রার্থনাৰ ইয়াত আয়োজন কৰা নহ’ব ৷ কাৰণ এতিয়াও ইয়াৰ নির্মাণকার্য সম্পূর্ণ হৈ উঠা নাই ৷ স্মর্তব্য যে সুদীর্ঘ ২০০ বছৰ ধৰি বৰদিনৰ সমূহীয়া প্রার্থনা গির্জাটোত আয়োজন কৰা হৈছিল যদিও পেৰিছবাসীৰ বাবে এইবাৰ এয়া দুখৰ সংবাদ ৷

Comments (0)
Add Comment