মছজিদৰ পৰা চুৰি ১ লাখ টকাৰ জোতাঃ আৰক্ষীৰ অভিযান আৰম্ভ

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ এযোৰ জোতা চুৰি হোৱাক লৈ এতিয়া ব্যস্ত হৈ পৰিছে একাংশ আৰক্ষী । জোতাযোৰ অৱশ্যে আপুনি অথবা মই পিন্ধাৰ দৰে নহয় । এইযোৰ বিশেষ জোতাৰ মূল্য হৈছে প্ৰায় ১ লক্ষাধিক টকা । এই বিশেষ জোতাযোৰৰ চুৰিৰ ঘটনা সংঘটিত হৈছে পাকিস্তানৰ লাহোৰত । লাহোৰৰ গংগাৰাম হাস্পতালৰ সংলগ্ন এটা মছজিদত নামাজ পঢ়িবলৈ গৈ চিৰাজ বসিৰ নামৰ লোকজনে জোতাযোৰ খুলি থৈ যায় মছজিদৰ বাহিৰত । নামাজ শেষ হোৱাৰ পাচত চিৰাজে নিজৰ জোতাযোৰ বিচাৰি নাপাই চুৰি হোৱা বুলি খবৰ দিয়ে আৰক্ষীক । স্থানীয় আৰক্ষী থানালৈ গৈ এখন এজাহাৰ দাখিল কৰাৰ লগতে চিচি টিভি ফুটেজৰ জৰিয়তে চোৰক আটক কৰিবলৈ দাবী কৰে চিৰাজে । ইতিমধ্যে আৰক্ষীয়ে এই বিশেষ জোতা চোৰক বিচাৰি অব্যাহত ৰাখিছে অনুসন্ধান ।

Featured
Comments (0)
Add Comment