মুশ্বাৰফক শাস্তিৰ ৰায় শুনোৱা ন্যায়াধীশ সংকটত

‘মানসিক ভাৰসাম্যহীন’ আখ্যা চৰকাৰৰ

নিয়মীয়া বাৰ্তা, ২১ ডিচেম্বৰঃ পাকিস্তানৰ প্রাক্তন ৰাষ্ট্রপতি পাৰভেজ মুশ্বাৰফৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰা বিশেষ আদালতৰ বিচাৰপতিক মানসিকভাৱে ভাৰসাম্যহীন আখ্যা দি প্রধানমন্ত্রী ইমৰান খানে শীঘ্রে অপসাৰণ কৰাৰ চিন্তা–চর্চা চলাইছে ৷ উল্লেখনীয় যে পেছোৱাৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৱাকাৰ আহমাদ শেঠৰ নেতৃত্বাধীন তিনিজনীয়া বিচাৰপীঠে বিশেষ আদালত এখনত তিনি দিন পূর্বে ৰাষ্ট্রদ্রোহৰ গোচৰত দোষী সাব্যস্ত কৰি মুশ্বাৰফৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায় ঘোষণা কৰিছে৷ অকল সেয়াই নহয়, ১৬৭ পৃষ্ঠাৰ এই চূড়ান্ত ৰায়দানত বিচাৰপীঠখনে শাস্তিৰ পূর্বে মুশ্বাৰফৰ মৃত্যু হ’লে ইছলামাবাদৰ বি চ’কত তিনি দিন ধৰি মৃতদেহটোক ফাঁচীকাঠত ওলোমোৱাৰ নির্দেশ জাৰি কৰিছিল৷ ইয়াৰ পাছতে দেশৰ সেনাই এই ৰায়ক অগ্রাহ্য কৰিছে৷ সেনাৰ পাছতে পাক প্রধানমন্ত্রী ইমৰান খানে জৰুৰী বৈঠক আহ্বান কৰি বিচাৰপতি ৱাকাৰ আহমাদ শেঠক মানসিক ভাৰসাম্যহীন আখ্যা দিছে ৷

Comments (0)
Add Comment