শান্তি আলোচনালৈ উত্তৰ কোৰিয়াক আমন্ত্রণ আমেৰিকাৰ

ধাৰাবাহিক অস্ত্রৰ পৰীক্ষাই উদ্বিগ্ন কৰিছে ৱাশ্বিংটনক

নিয়মীয়া বাৰ্তা, ১৭ ডিচেম্বৰঃ ভিয়েটনামত মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ সৈতে উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উনৰ বৈঠক ব্যর্থ হোৱাৰ পাছৰে পৰা উত্তৰ কোৰিয়া চৰকাৰে সঘনে অস্ত্রৰ পৰীক্ষা চলাই আহিছে ৷ শেহতীয়াকৈ দেশখনে গুৰুত্বপূর্ণ অস্ত্রৰ পৰীক্ষা সম্পন্ন কৰা বুলি ঘোষণা কৰাৰ পাছতে উদ্বিগ্ন হৈ পৰিছে হোৱাইট হাউছ প্রশাসন ৷

উত্তৰ কোৰিয়াৰ এই ঘোষণাৰ এদিন পাছতে বিশেষ মার্কিন কূটনীতিক ষ্টিফেন বিগানে দেশখনক পুনৰ শান্তি আলোচনাত বহিবলৈ আহ্বান জনাইছে ৷ দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত কূটনীতিকগৰাকীয়ে উল্লেখ কৰিছে যে শান্তি আলোচনাৰ বাবে আমেৰিকা সাজু আছে ৷ গতিকে উত্তৰ কোৰিয়াই এই আলোচনাৰ প্রতি সঁহাৰি জনোৱা উচিত ৷

Comments (0)
Add Comment