হাইটিত ৰাষ্ট্রসংঘৰ শান্তিৰক্ষীৰ পাশৱিকতাঃ কিশোৰীয়ে কঢ়িয়াইছে মাতৃত্বৰ বোজা

নিয়মীয়া বাৰ্তা, ১৯ ডিচেম্বৰঃ কেৰিবিয়ান দেশ হাইটিত ৰাষ্ট্রসংঘৰ শান্তিৰক্ষী বহু কিশোৰীক মাতৃত্বৰ বোজা কঢ়িয়াবলৈ বাধ্য কৰাইছে ৷ শেহতীয়া এক প্রতিবেদনত এই তথ্য পোহৰলৈ আহিছে ৷ উল্লেখনীয় যে ২০১০ চনত ভূমিকম্পত বিধ্বস্ত দেশখনলৈ ৰাষ্ট্রসংঘৰ শান্তিৰক্ষী প্রেৰণ কৰা হৈছিল ৷ তেতিয়াই শান্তিৰক্ষীৰ হাতত যৌন নির্যাতনৰ সন্মুখীন হৈছিল কেইবাশ কিশোৰী ৷

শেহতীয়া অধ্যয়ন অনুসৰি, ১১ বছৰীয়া কিশোৰীয়েও মাতৃত্বৰ বোজা কঢ়িয়াব লগা হৈছিল শান্তিৰক্ষীৰ হাতত ধর্ষিতা হোৱাৰ পাছত ৷ বার্মিংহাম বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা চলোৱা অধ্যয়নত এই শিহৰণকাৰী তথ্য পোহৰলৈ আহিছে ৷

স্মর্তব্য যে এগৰাকী ব্রিটিছ শিক্ষাবিদৰ নেতৃত্বত চলিছিল এই অধ্যয়ন ৷ ৰাষ্ট্রসংঘৰ শান্তিৰক্ষীয়ে দুর্দশাগ্রস্ত দেশখনত এইদৰে কিশোৰীৰ ওপৰত চলোৱা বলাৎকাৰক কেন্দ্র কৰি বিশ্বজুৰি সৃষ্টি হৈছিল চাঞ্চল্য ৷ শেহতীয়াকৈ বার্মিংহাম বিশ্ববিদ্যালয়ৰ প্রতিবেদনে পুনৰ খলকনি লগাইছে বিভিন্ন দেশত ৷

Comments (0)
Add Comment