২০১৯ত আমেৰিকাত বৃদ্ধি গণহত্যাৰ ঘটনা

২১১গৰাকী নিৰীহ লোকৰ প্রাণহানি

নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ ২০১৯ বর্ষটোত আমেৰিকাত পূর্বৰ তুলনাত বহু বেছি গণহত্যাৰ ঘটনা সংঘটিত হৈছে ৷ সংবাদ সংস্থা এপি, ইউএছএ টুডে’ আৰু নর্থ ইষ্টার্ন ইউনিভাৰর্ছিটীৰ তথ্য অনুসৰি চলিত বর্ষত দেশখনত সংঘটিত হৈছে ৪১টা গণহত্যাৰ ঘটনা ৷ এই ঘটনাবোৰত প্রাণ হেৰুৱাইছে মুঠ ২১১গৰাকী লোকে ৷ স্মর্তব্য যে একেটা ঘটনাত চাৰিজন বা তাতকৈ অধিক লোকৰ মৃত্যু হ’লে তাক গণহত্যা আখ্যা দিয়া হয় ৷ বর্ষটোৰ ভিতৰত ভার্জিনিয়া বীচ্চত মে’ মাহত ১২গৰাকী আৰু আগষ্টত এল পাছোত ২২গৰাকী লোক একেলগে নিহত হোৱা ঘটনাক শিহৰণকাৰী আখ্যা দিয়া হৈছে ৷ উল্লেখনীয় যে এই গণহত্যাৰ ঘটনাবোৰৰ ৩৩টাতে ব্যৱহাৰ হৈছিল আগ্নেয়াস্ত্র ৷ উল্লেখনীয় যে প্রদেশ হিচাপে কেলিফ’র্নিয়াত আটাইতকৈ বেছি গণহত্যাৰ ঘটনা সংঘটিত হৈছে ৷ প্রদেশখনত মুঠ ৮টাকৈ গণহত্যাৰ ঘটনা সংঘটিত হোৱা বুলি তিনিওটা সংস্থাই সদৰী কৰিছে ৷ ২০০৬ চনৰ পৰা আমেৰিকাত বছৰি গণহত্যাৰ ঘটনা সন্দর্ভত বিভিন্ন তথ্য সদৰী কৰি অহা হৈছে যদিও ইয়াৰ মোকাবিলা কৰাৰ ক্ষেত্রত কোনোধৰণৰ নতুন ব্যৱস্থা প্রশাসনে গ্রহণ কৰা নাই ৷ সংবাদ সংস্থা এপিৰ প্রতিবেদন অনুসৰি দেশখনত আগ্নেয়াস্ত্র ক্রয়ৰ ক্ষেত্রত কঠোৰ নীতি নথকাৰ বাবেই সঘনে নিৰীহ লোক বলি হ’বলগীয়া হৈছে ৷

Comments (0)
Add Comment