ৰাছিয়াত ক’ৰোনাৰ ছিটাৰ প্রাথমিক পৰীক্ষা

নিয়মীয়া বাৰ্তা, ২১ মার্চঃ মাৰাত্মক ক’ৰোনা ভাইৰাছৰ ছিটাৰ প্রাথমিক পৰীক্ষা আৰম্ভ কৰিছে ৰাছিয়াই ৷ ৰাছিয়াত ইউৰোপীয় দেশবোৰৰ তুলনাত ক’ৰোনাত সংক্রমিত লোকৰ সংখ্যা যথেষ্ট কম ৷ দেশখনত এতিয়ালৈকে ১৯৯গৰাকী লোক এই ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হোৱা বুলি নিশ্চিত কৰা হৈছে৷ এগৰাকী ক’ৰোনাত আক্রান্ত লোকৰ মৃত্যু হৈছে দেশখনত৷ অৱশ্যে বিগত তিনিটা দিনৰ ভিতৰত ক’ৰোনাত সংক্রমিত লোকৰ সংখ্যা পূর্বৰ তুলনাত বৃদ্ধি পাইছে৷ বিশ্বজুৰি মহামাৰীৰ ৰূপ ধাৰণ কৰা এই ভাইৰাছবিধৰ প্রতিৰোধী ছিটা এতিয়ালৈকে আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই চিকিৎসা বিজ্ঞানীসকলে৷ ৰাছিয়াৰ চিকিৎসা বিজ্ঞানীসকলে ইতিমধ্যে ছাইবেৰিয়াৰ এক পৰীক্ষাগাৰত জন্তুৰ দেহত ক’ৰোনাৰ ছিটাৰ প্রাথমিক পৰীক্ষা চলাইছে৷ ৰাছিয়াৰ স্বাস্থ্য মন্ত্রালয়ে সদৰী কৰিছে এই তথ্য৷ উল্লেখনীয় যে ছাইবেৰিয়ান চহৰ ন’ভোছিবিৰস্কত ভেক্টৰ ষ্টেট ভাইৰল’জী আৰু বায়’টেকন’লজী চেণ্টাৰৰ বিজ্ঞানীসকলে এই মাৰাত্মক ভাইৰাছবিধ প্রতিৰোধৰ প্রাথমিক ছিটা উদ্ভাৱন কৰিছে৷ ই কিমান সফল হ’ব পাৰে তাৰ পৰীক্ষা চলোৱা হৈছে জন্তুৰ শৰীৰত ৷

Comments (0)
Add Comment