আটলাণ্টিকৰ জলগর্ভত ৯৩ দিন কটোৱাত ১০ বছৰ বয়স কমিল নৌ বিষয়াৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২২ মে’ : মানুহৰ আয়ুস কমাব পাৰে নেকি? আয়ুস উভতাই আনিব পাৰে নেকি? বিজ্ঞানী আৰু গৱেষকসকলে মানুহৰ আয়ুস বৃদ্ধি প্রক্রিয়াক লৈ বিগত দশক দশক ধৰি গৱেষণা চলাই আহিছে৷ প্রকৃতিৰ ৰহস্যঘন মানুহৰ আয়ুস বৃদ্ধি আৰু হ্রাস কৰা সন্দর্ভত চমৎকাৰ উদ্ভাৱনৰ বাবে আহোপুৰুষার্থ কৰি আছে বিজ্ঞানী–গৱেষকসক৷ কিন্তু এতিয়ালৈকে এই ক্ষেত্রত ইতিবাচক কোনোধৰণৰ ইংগিত লাভ কৰা নাই৷ কিন্তু শেহতীয়াভাৱে এজন ব্যক্তিয়ে মহাসাগৰৰ তলত ৯৩ দিন কটাই নিজৰ আয়ুস ১০ বছৰ উভতাই আনিবলৈ সক্ষম হোৱা বুলি প্রকৃতিৰ চমৎকাৰ সদৃশ এক চর্চা চলিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন নৌ বিষয়া এগৰাকীয়ে আটলাণ্টিক মহাসাগৰৰ জলগর্ভত এক বিশেষ কোঠাৰ লেখীয়া স্থানত ৯৩ দিন কটাই বিশ্ব অভিলেখ গঢ়াই নহয়, তেওঁ জলগর্ভত কটোৱা ৯৩ দিনৰ সময়সীমাই তেওঁৰ জীৱনলৈ ১০ বছৰ আয়ুস উভতাই অনা বুলি দাবী কৰিছে৷ আয়ুস বৃদ্ধি প্রক্রিয়াক উভতাই অনাৰ এক বিৰল উদাহৰণ হিচাপে আমেৰিকা যুক্তৰাষ্ট্রৰ ৫৬ বছৰীয়া প্রাক্তন নৌ বিষয়া যোছেফ ডিটুৰীৰ নাম চর্চালৈ আহিছে৷ ৫৬ বছৰীয়া ডিটুৰীয়ে দুঃসাহসিক অভিযান হিচাপে পানীৰ তলত বসবাস কৰাটো অভ্যাস হিচাপে গঢ়ি তুলিছে৷ ইয়াৰ মাজতেই তেওঁ মানৱীয় শৰীৰ তত্ত্বৰ ক্ষেত্রত আয়ুস বৃদ্ধিৰ প্রক্রিয়াটোকো উজ্জীৱিত কৰি তুলিছে৷ মানৱ শৰীৰে চাপযুক্ত অর্থাৎ পানীৰ তলত কেনেদৰে ক্রিয়া কৰে সেই সন্দর্ভত অধ্যয়ন চলাই থকা প্রাক্তন নৌ বিষয়া ডিটুৰীয়ে অলপতে আটলাণ্টিক মহাসাগৰৰ গভীৰতাত ৯৩ দিন কটায়৷ ইয়াৰ পূর্বে ডিটুৰীয়ে সাগৰ তলীত ৭৪ দিন কটায় অভিলেখ গঢ়িছিল৷ আটলাণ্টিক মহাসাগৰৰ তলত ৯৩ দিন কটাই অহা ডিটুৰীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত তেওঁৰ আয়ুস ২০ শতাংশ বৃদ্ধি হোৱাৰ তথ্য চিকিৎসকে প্রমাণ পাইছে৷ ইয়াৰ পূর্বে সাগৰৰ তলত কটাই অহা মানুহৰ আয়ুস হ্রাস পাই বুলি চলি অহা ধাৰণাটিয়েও সলনি হৈ পৰে৷ মন কৰিবলগীয়া যে ডিটুৰীৰ শৰীৰ তত্ত্বৰ উন্নীতকৰণ হোৱাই নহয়, তেওঁৰ কোষসমূহৰ ক্ষেত্রতো কিছু পৰিৱর্তন দেখা দিয়ে৷ উদাহৰণ হিচাপে তেওঁৰ কলেষ্টৰেল লেভেল ৭২ পইণ্ট হ্রাস পাইছে৷ তেওঁৰ দহন প্রক্রিয়াও আধা হ্রাস পাইছে৷ অতিৰিক্তভাৱে তেওঁৰ নিদ্রা ক্ষমতাও উন্নত হৈছে৷ নিশাৰ ভাগত তেওঁৰ টোপনি ৬০ৰ পৰা ৬৬ শতাংশ গভীৰ হৈছে৷ নিদ্রা হৈছে মানুহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ এক গুৰুত্বপূর্ণ পর্যায়৷ বাহ্যিক কার্যকলাপৰ পৰা নিজক আঁতৰাই ৰাখি সাগৰ তলীত ৯৩ দিন কটোৱা ডিটুৰীয়ে তেওঁৰ অভিজ্ঞতাক ডেইলী মেইল শীর্ষক সংবাদ মাধ্যমত প্রচাৰ কৰি ইচ্ছুক লোকক দুই–তিনি সপ্তাহৰ ছুটী লৈ সাগৰ তলীত কটাবলৈ পৰামর্শ দিছে৷ এনে কৰিলে লোকৰ শৰীৰৰ ক্ষেত্রত বহু ইতিবাচক প্রভাৱ পৰিব৷

Featured