ফাষ্ট ফুড খোৱাত ব্যস্ত ১২৫ কেজি ওজনৰ পাক ক্রিকেটাৰ আজম খান

🔹 টি–২০ বিশ্বকাপত ভাৰতৰ হাতত লজ্জাৰ পৰাজয়

বিশেষ বাৰ্তা, ১১ জুন : দেওবাৰে টি–২০ বিশ্বকাপত ভাৰতৰ হাতত পৰাস্ত হৈছিল পাকিস্তান৷ জয়ৰ সুযোগ পোৱাৰ পাছতো বাবৰ আজম বাহিনীয়ে ব্যর্থ হৈ খেলপথাৰ এৰিব লগা হয়৷ অৱশ্যে পাকিস্তান দলটো পৰাস্ত হ’লেও হয়তো আজম খানৰ বিশেষ দুখ নাছিল৷ পাকিস্তানৰ ১২৫ কেজি ওজনৰ ক্রিকেটাৰগৰাকীয়ে খেলপথাৰৰ বাহিৰত ফাষ্ট ফুড খাই থকা দেখা গৈছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে আজম খানৰ এই ভিডিঅ’৷ নিউয়র্কৰ এটা পথৰ ষ্টলৰ পৰা এজন ব্যক্তিয়ে খাদ্য কিনি থকা দেখা গৈছে৷ খাই মজা কৰি আছিল তেওঁ৷ পিছফালৰ পৰা ব্যক্তিগৰাকীক আজম খান যেন দেখা গৈছিল৷ অৱশ্যে সংবাদ প্রতিষ্ঠানে ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই৷ আজম বিশ্বকাপৰ দলত আছিল যদিও ভাৰতৰ বিৰুদ্ধে খেলা নাছিল৷ বিশ্বকাপৰ পূর্বে ইংলেণ্ডৰে খেলা শৃংখলাত পাকিস্তানৰ প্রাক্তন অধিনায়ক মঈন খানৰ পুত্রই বেটত ৰান নাপালে৷ উইকেটৰ পিছফালেও তেওঁ খুব বেয়া খেলিছিল৷ কেইবাটাও কেচ আয়ত্ত কৰাত ব্যর্থ হৈছিল৷ ইয়াৰ পিছতো আজম আমেৰিকাৰ বিৰুদ্ধে খেলা বিশ্বকাপৰ প্রথম একাদশত আছিল৷ মেচখনত প্রথম বলতে আউট হৈছিল৷ গতিকে ভাৰতৰ বিৰুদ্ধে তেওঁক দলত ৰখা হোৱা নাছিল৷ খবৰটো হ’ল আজম আৰু পাকিস্তানৰ অধিনায়ক বাবৰ আজমৰ সম্পর্ক বৰ ভাল নহয়৷ জানিব পৰা মতে, আজমক দলত অন্তর্ভুক্ত কৰাত বাবৰৰ আপত্তি আছিল৷ কিছুদিন আগতে খেলপথাৰত অনুশীলন কৰি থাকোঁতে বাবৰে আজমৰ ওজনক লৈ ধেমালি কৰিছিল৷ সেই ঘটনা বিতর্কিত হৈছিল৷ ইফালে এইবাৰ আন এটা ঘটনা আহিল৷

Featured