১৮,৩০০ কিলোমিটাৰ গাড়ী চলাই মাতৃক সাক্ষাৎ মহাৰাষ্ট্রৰ যুৱকৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ জুনঃ প্রেম, ভালপোৱাৰ বাবে মানুহে কি কৰিব নোৱাৰে মাতৃক দেখা কৰিবলৈ ১৬খন দেশ গাড়ী চলাই আহি মহাৰাষ্ট্রত হাজিৰ পুত্র৷ প্রতিকূল প্রাকৃতিক প্রত্যাহ্বান গ্রহণ কৰি গাড়ী চলালে ১৮,৩০০ কিলোমিটাৰ৷ লণ্ডনৰ পৰা মহাৰাষ্ট্রৰ থানেলৈকে এই যাত্রাকালত যুৱকজনে বহু প্রতিকূল পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয় যদিও কোনো কাৰণতে তেওঁ হাৰ নামানিলে৷ লণ্ডন নিৱাসী ভাৰতীয় বংশোদ্ভৱ বীৰজিৎ মুংগালৰ মাতৃ থাকে মহাৰাষ্ট্রৰ থানেত৷ শেহতীয়াকৈ দুটা সংকল্প গ্রহণ কৰে এডভেঞ্চাৰ প্রিয় বীৰজিতে৷ মাতৃক দেখা কৰাৰ লগতে বিখ্যাত ছিল্ক ৰুটেৰে গাড়ী চলোৱাৰ হেঁপাহ পূৰণ কৰিব৷ এই হেঁপাহৰ বাবে যাত্রা আৰম্ভ কৰে বীৰজিতে৷ লণ্ডনৰ পৰা থানেলৈ ১৮,৩০০ কিলোমিটাৰ পথ গাড়ী চলাবলগীয়া হ’ল যুৱকজনে৷ এই যাত্রাত ব্রিটেইন, ফ্রান্স, জার্মানী, বেলজিয়াম, পোলেণ্ড, লিথুৱানিয়া, লাটভিয়া, ইষ্টোনিয়া, ৰাছিয়া, উজবেকিস্তান, কির্গিজস্তান, চীন, তিব্বত, নেপাল, ভাৰতসহ মুঠ ১৬খন দেশ অতিক্রম কৰে বীৰজিতে৷ এই যাত্রাৰ বাবে অফিচৰ পৰা দুমাহ ছুটী লৈছিল ভাৰতীয় যুৱকজনে৷ এই যাত্রাত তেওঁৰ সংগী হয় ৰোছন শ্রেষ্ঠ নামৰ নেপালৰ বন্ধু এজন৷ নেপাললৈকে ৰোছনে বীৰজিতক সংগ দিয়ে যদিও বাকী পথ তেওঁ অকলেই সম্পূর্ণ কৰিবলগীয়া হয়৷ প্রতিদিনে ৪০০ৰ পৰা ৬০০ কিলোমিটাৰ গাড়ী চলাইছিল বীৰজিতে৷ কেতিয়াবা পৰিস্থিতি ভাল থাকিলে এহাজাৰ কিলোমিটাৰ পথো গাড়ী চলাইছে বীৰজিতে৷ এই যাত্রা আছিল অতি বিপদসংকুল৷ বৰফ, শীত তথা ভয়াৱহ প্রতিকূল পৰিস্থিতি আৰু দুর্গম পথে বাৰে বাৰে বাধাৰ সৃষ্টি কৰিছিল যদিও ঘৰত আহি মাতৃ স্নেহত সকলো কষ্ট মুহূর্ততে উপশম হোৱা যেন অনুভৱ কৰিছে বীৰজিতে৷ উল্লেখনীয় যে এখন এছইউভি গাড়ীৰে এই যাত্রা আৰম্ভ কৰিছিল বীৰজিতে৷