এমিৰেটছ এয়াৰলাইন্সৰ বিমানৰ খুন্দাত ৩৬ ফ্লেমিংগোৰ মৃত্যু

🔹 মুম্বাইৰ ঘাটকোপাৰ অঞ্চলত অঘটন

বিশেষ বাৰ্তা, ২২ মে’ : বিমানৰ খুন্দাত একেলগে ৩৬টা ফ্লেমিংগো পক্ষীৰ মৃত্যু হৈছে মুম্বাইৰ হাটকোপাৰৰ লক্ষীনগৰ অঞ্চলত৷ ইয়াৰ উপৰি আন বহু পক্ষী আহত অৱস্থাত পোৱা গৈছে অঞ্চলটোত৷ এই ঘটনাক লৈ উদ্বিগ্ণ হৈ পৰিছে বন বিভাগ৷ আৰক্ষীয়ে তদন্তত নামি প্রাথমিকভাৱে বিমানৰ খুন্দাত পক্ষীবোৰৰ মৃত্যু হোৱা বুলি ধাৰণা কৰিছে৷ ২০ মে’ৰ নিশা এমিৰেটছ এয়াৰলাইন্সৰ ইকে–৫০৮ বিমানখন ডুবাইৰ পৰা মুম্বাইলৈ আহিছিল৷ অৱতৰণৰ ঠিক পূর্বে ৮.৪০ বজাত পক্ষীজাকৰ সৈতে খুন্দা লাগে বিমানখনৰ৷ যাৰ ফলত ইমানসংখ্যক ফ্লেমিংগো পক্ষীৰ মৃত্যু হয়৷ ঘটনাৰ ফলত বিমানখনো ক্ষতিগ্রস্ত হয় বুলি আৰক্ষী সূত্রই সদৰী কৰিছে৷ লক্ষণীয়ভাৱে আহত ফ্লেমিংগোৰ সন্ধানত সমগ্র অঞ্চলত অভিযান চলাইছে বন বিভাগৰ কর্মীসকলে৷ অৱশ্যে বিমানবন্দৰৰ তৰফৰ পৰা এই সন্দর্ভত কোনো প্রতিক্রিয়া প্রকাশ কৰা হোৱা নাই৷

Featured