বিষাক্ত সুৰাপান কৰি ৩৮জনৰ মৃত্যু

🔹 হাস্পতালত মৃত্যুৰে যুঁজিছে শতাধিক অসুস্থ লোকে

বিশেষ বাৰ্তা, ২১ জুন : তামিলনাডুত কাল্লাকুৰিছি জিলাত বিষাক্ত সুৰা সেৱন কৰি ৩৮জন লোকৰ কৰুণ মৃত্যু ঘটিছে৷ এই বিষাক্ত সুৰা সেৱনৰ ফলত ১০০তকৈ অধিক লোক বর্তমান চিকিৎসালয়ত ভর্তি হৈ আছে৷ চিকিৎসাধীন হৈ থকা কেইবাজনো লোকৰ অৱস্থা অতিকে সংকটজনক৷ কাল্লাকুৰিছি জিলাত বিষাক্ত সুৰা সেৱন কৰাৰ পাছত ৩৮জন লোকৰ কৰুণ মৃত্যু ঘটাৰ লগতে ১০০তকৈ অধিক লোক চিকিৎসাধীন হৈ থকা এই শোকাৱহ ঘটনাত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ নির্দেশ দিছে মুখ্যমন্ত্রী এম কে ষ্টেলিনে৷ এই শোকাৱহ ঘটনাত মৃত্যু ঘটা প্রতিজন লোকৰ পৰিয়াললৈ ১০ লাখ টকা আর্থিক সাহায্য ঘোষণা কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ ইতিমধ্যে এই বিষাক্ত সুৰা বিক্রীত জড়িত থকা চক্রৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰু ৪জনক গ্রেপ্তাৰ কৰা হৈছে৷ মুখ্যমন্ত্রী ষ্টেলিনে প্রকাশ কৰা মতে মিথানল মিশ্রিত সুৰা সেৱন কৰাৰ বাবে এই শোকাৱহ ঘটনাটো সংঘটিত হৈছে৷ ঘটনাটোৰ তদন্তৰ বাবে এজনীয়া আয়োগ গঠনো কৰা হৈছে৷ মাদ্রাছ উচ্চ ন্যায়ালয়ৰ প্রাক্তন ন্যায়াধীশ বি গকুল দাসৰ এজনীয়া বিচাৰপীঠে এই বিষাক্ত সুৰা সেৱনৰ ঘটনাটোৰ তদন্ত কৰিব৷ আনহাতে, হাস্পতালত চিকিৎসাধীন হৈ থকা ব্যক্তিসকলৰ চিকিৎসাৰ বাবে ৫০ হাজাৰ টকা আর্থিক সাহায্য ঘোষণা কৰা হৈছে৷

Featured