গুজৰাটত চন্দিপুৰা ভাইৰাছে প্রাণ ল’লে ৪জন শিশুৰ!

নিয়মীয়া বাৰ্তা, ১৪ জুলাই : গুজৰাটৰ সবৰকান্ত জিলাত ২৭ জুনৰ পৰা ১০ জুলাইৰ ভিতৰত মৃত্যু হয় ৪টিকৈ শিশুৰ। সন্দেহ কৰা হৈছে যে চন্দিপুৰা নামৰ এক ভাইৰাছত আক্রান্ত হৈছিল এই শিশুকেইটি। একেই লক্ষণযুক্ত ৰাজস্থানৰ আন দুটি শিশুও বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আটাইকেইটা শিশুৰ তেজৰ নমুনা পুনেৰ ‘ৰাষ্ট্ৰীয় ভাইৰাছ প্ৰতিষ্ঠান’লৈ পঠিওৱা হৈছে। চন্দিপুৰা ভাইৰাছৰ লক্ষণবোৰ সাধাৰণতে চৰ্দি, জ্বৰ, মূৰৰ বিষ আদি বুলি জানিব পৰা গৈছে।
Featured