বেংগালুৰুৰ ৪৪খন স্কুল বিস্ফোৰণেৰে উৰুৱাই দিয়াৰ ভাবুকি

🔹 দুর্বৃত্তৰ ই–মেইলক লৈ আতংক

বিশেষ বাৰ্তা, ১ ডিচেম্বৰ : কর্ণাটকৰ ৰাজধানী বেংগালুৰুৰ ৪৪খন বিদ্যালয়লৈ আহিল বোমাৰ ভাবুকি৷ স্কুল কর্তৃপক্ষলৈ ই–মেইল কৰি বিস্ফোৰণ ঘটোৱাৰ ভাবুকি দিলে অজ্ঞাত পৰিচয়ৰ দুষ্কৃতিকাৰীয়ে৷ ইয়াৰ ফলত চাঞ্চল্যৰ সৃষ্টি হয় বেংগালুৰুত ৷ অৱশ্যে আৰক্ষীয়ে আতংকৰ কোনো কাৰণ নাই বুলি ঘোষণা কৰিছে ৷ আজি পুৱা বিদ্যালয় খোলাৰ পিছতে এখনৰ পিছত এখনকৈ বেচৰকাৰী বিদ্যালয়লৈ ই–মেইলত এনেদৰে ভাবুকি আহে৷ ই–মেইলত দাবী কৰা হয় যে ৪৪খন বিদ্যালয়ত বোমা ৰখা হৈছে৷ যিকোনো মুহূর্ততে এই বোমাৰ বিস্ফোৰণ ঘটিব পাৰে৷ স্বাভাৱিকতে সেই ই–মেইল পোৱাৰ পিছতে স্কুলসমূহত আতংকৰ সৃষ্টি হয়৷ শিক্ষক–শিক্ষয়িত্রী তথা শিক্ষার্থীসকলৰ মাজত হাহাকাৰ লাগে৷ আতংকিত অভিভাৱকসকলেও শিক্ষার্থীসকলক ওভতাই নিয়াৰ বাবে বিদ্যালয়লৈ লৰা–ঢপৰা কৰে৷ কিন্তু আৰক্ষীয়ে আটাইকেইখন বিদ্যালয়ত তালাচী চলাই আতংকৰ কাৰণ নাই বুলি ঘোষণা কৰে৷

Featured