৫ লাখ টকা অনাদায়ে পালন কৰিবলৈ দিয়া নহ’ব দুর্গাপূজা  

🔹 বাংলাদেশত পূজা কমিটী-মন্দিৰসমূহক ইছলামিক গোটৰ ভাবুকি

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : দুর্গাপূজাৰ পূর্বে বাংলাদেশত পূজা কমিটীসমূহলৈ কট্টৰ ইছলামপন্থী গোটৰ ভাবুকি আহিছে৷ পূজা কমিটী তথা মন্দিৰসমূহক ইছলামিক গোটবোৰে ভাবুকি প্রদান কৰিছে যে ৫ লাখকৈ বাংলাদেশী টকা আদায় নিদিলে এই উৎসৱ পালন কৰিবলৈ দিয়া নহ’ব৷ স্মর্তব্য যে আগন্তুক ৯ৰ পৰা ১৩ অক্টোবৰলৈ অনুষ্ঠিত হ’ব দুর্গাপূজা৷ স্মর্তব্য যে মন্দিৰ কমিটীসমূহলৈ এই ভাবুকি অহাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে আতংক৷ শেহতীয়াকৈ বাংলাদেশত ছাত্র আন্দোলনৰ সময়ত সংখ্যালঘু হিন্দুসকলক কট্টৰ ইছলামিষ্ট গোটসমূহে আতিশয্য চলোৱাৰ অভিযোগ উঠিছে৷ আনকি সংখ্যালঘু হিন্দু সম্প্রদায়ৰ ঘৰত তথা মন্দিৰত দুর্বৃত্তই লুটপাত চলোৱাৰো অভিযোগ উঠিছিল৷ শেহতীয়াকৈ দুর্গাপূজাৰ প্রস্তুতি চলিছে বাংলাদেশৰ হিন্দু সম্প্রদায়ৰ মাজত৷ এই প্রস্তুতিৰ মাজতে এইবাৰ কট্টৰ ইছলামিক গোটসমূহে ভাবুকি প্রদান কৰিছে মন্দিৰ কমিটীসমূহক৷ ঢাকাৰ বিভিন্ন স্থানত মন্দিৰ কমিটীসমূহলৈ এনে ভাবুকি–পত্র আহিছে৷ স্মর্তব্য যে হাছিনা চৰকাৰৰ পতনৰ পাছত বাংলাদেশত অন্তর্ৱর্তী চৰকাৰৰ মুৰব্বীৰ দায়িত্ব গ্রহণ কৰা মহম্মদ ইউনুছে সংখ্যালঘুসকলক আতংকৰ কাৰণ নাই বুলি প্রতিশ্রুতি দিছিল৷

Featured