৫ বছৰ ‘ক’মা’ত ! মাতৃৰ কৌতুক শুনি হাঁহি দিলে কন্যাই

🔹 আমেৰিকাৰ মিচিগানত ‘বিৰল’ ঘটনা

বিশেষ বাৰ্তা, ৬ ফেব্রুৱাৰী : মানসিক অৱসাদৰ দৰে ‘ৰোগ’ৰ পৰা পৰিত্রাণ পাবলৈ চিকিৎসকে ৰোগীক হাঁহি–ধেমালিৰে ৰখাৰ পৰামর্শ দিয়ে৷ হাঁহিয়েই বহু ৰোগৰ অন্যতম দৰব৷ এই কথা পুনৰ প্রমাণিত হ’ল৷ অৱশ্যে মানসিক অৱসাদত নহয়, পাঁচ বছৰ ধৰি সংজ্ঞাহীন হৈ থকা এগৰাকী মহিলাই স্বাভাৱিক জীৱন ওভতাই পাইছে৷ মাতৃৰ মুখত শুনা এটা ‘জ’ক’ বা কৌতুকে কন্যাৰ শৰীৰলৈ স্পন্দন ওভতাই আনিছে৷ সংবাদ মাধ্যমৰ সূত্রই সদৰী কৰা অনুসৰি, মিচিগানৰ বাসিন্দা জেনিফা ফ্লেভেলেন নামৰ এগৰাকী মহিলা ২০১৭ চনত গাড়ী দুর্ঘটনাত গুৰুতৰভাৱে আহত হয়৷ মূৰত আঘাত পোৱা মহিলাগৰাকীৰ জীৱন ৰক্ষা পৰে যদিও পাঁচ বছৰ ধৰি ‘ক’মা’ত আছিল মহিলাগৰাকী৷ কন্যাৰ শৰীৰটোক সন্মুখত ৰাখি মাতৃ পেগিয়ে কেৱল পৰিচর্যা আগবঢ়াইছিল৷ পাঁচ বছৰ পিছত হঠাতে এক ‘অলৌকিক’ ঘটনা ঘটে৷ সংবাদ সংস্থা ‘পিপল’ক দিয়া সাক্ষাৎকাৰত পেগিয়ে কয় যে এদিনাখন তেওঁ কন্যা জেনিফাক ‘জ’ক’ শুনাইছিল৷ হঠাতে দেখে জেনিফাৰ শৰীৰ কঁপিবলৈ ধৰিছিল৷ তেতিয়াই পেগিয়ে বুজি উঠে যে ‘ক’মা’ৰ পৰা উভতি আহিছে তেওঁৰ কন্যা৷ লক্ষণীয়ভাৱে মাতৃ পেগিৰ মুখত ‘জ’কছ’ শুনি হাঁহিবলৈ ধৰে জেনিফাই৷ পেগিৰ মতে, জেনিফাই সম্পূর্ণ ৪ বছৰ ১১ মাহ পিছত সংজ্ঞা ঘূৰাই পাইছে৷ অৱশ্যে সংজ্ঞা ঘূৰাই পালেও জেনিফা সম্পূর্ণৰূপে এতিয়াও সুস্থ হোৱা নাই৷ কিন্তু চিকিৎসকসকলে আশা প্রকাশ কৰিছে যে জেনিফাই খুব শীঘ্রে স্বাভাৱিক জীৱন ওভতাই পাব৷ চিকিৎসকসকলে জেনিফাই এনেদৰে সংজ্ঞা ঘূৰাই পোৱা ঘটনাক ‘বিৰল’ বুলি অভিহিত কৰিছে৷ মাতৃ পেগিয়ে জেনিফাই পুনৰ জন্ম লোৱা বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷

Featured