টকা গণি গণি বিকল যন্ত্র : ৫০ কোটি জব্দ আয়কৰৰ

🔹 ওড়িশা–ঝাৰখণ্ডত সুৰা কোম্পানীৰ কার্যালয়ত তালাচী

বিশেষ বাৰ্তা, ৮ ডিচেম্বৰ : ঘৰৰ ভিতৰত আলমিৰাত সজাই ৰখা হৈছে কেৱল ৫০০, ২০০ টকীয়া নোট৷ টকাৰ পাহাৰ দেখি আয়কৰ বিভাগৰ বিষয়াসকল হতবাক হৈ পৰিছে৷ টকা গণিবলৈ অনা যন্ত্রও বিকল হৈ পৰে৷ ৫০ কোটি টকা গণাৰ পাছত যন্ত্র বিকল হৈছে৷ গতিকে কিমান টকা আছে, সেয়া অনুমান কৰিব পৰা নাই আয়কৰ বিভাগে৷ কিন্তু গোটেই টকা বাজেয়াপ্ত কৰিছে আয়কৰ বিভাগে৷ এই চাঞ্চল্যকৰ ঘটনা ঘটিছে ‘বো ডিষ্টিলেৰী প্রাইভেট লিমিটেড’ নামৰ এটা সুৰা সংস্থাৰ কার্যালয়ত৷ ওড়িশা আৰু ঝাৰখণ্ডত থকা সংস্থাটোৰ চাৰিটা কার্যালয়ত আয়কৰ বিভাগে তালাচী চলায়৷ দীর্ঘদিন ধৰি কৰ ফাঁকি দি থকাৰ অভিযোগ উঠিছিল সংস্থাটোৰ বিৰুদ্ধে৷

Featured