ইজৰাইলৰ ৰকেট আক্রমণত নিহত ৫৫৮

🔹 মধ্যপ্রাচ্যৰ গাজাৰ পাছত লেবাননত ধ্বংসলীলা
🔹নেটান্যাহুৰ সকীয়নি– হিজবুল্লাৰ মানৱ ঢাল নহৈ লেবাননবাসী নিৰাপদ স্থানলৈ আঁতৰি যাওক

নিউজ ডেস্ক, ২৫ ছেপ্টেম্বৰ : মধ্যপ্রাচ্যৰ গাজাৰ পাছত লেবাননত আক্রমণেৰে ধ্বংসলীলা চলাইছে ইজৰাইলে৷ হামাছ সন্ত্রাসবাদী নির্মূলৰ লক্ষ্যৰে গাজাত আক্রমণ চলোৱাৰ পাছত এইবাৰ লেবাননত হিজবুল্লাক বিনাশ কৰিবলৈ প্রচণ্ড আক্রমণ চলাইছে ইজৰাইলী সেনাই৷ হিজবুল্লাই ইজৰাইললৈ লক্ষ্য কৰি ২০০ ৰকেট নিক্ষেপ কৰাৰ পাছতেই ইজৰাইলী সেনাই কঠোৰ স্থিতি লৈ লেবাননত হিজবুল্লাৰ বিৰুদ্ধে আক্রমণ তীব্রতৰ কৰি তুলিছে৷ লেবাননৰ হিজবুল্লা অধ্যুষিত অঞ্চলত ইজৰাইলী সেনাই প্রচণ্ড আক্রমণ চলোৱাত ৫০ শিশুসহ ৫৫৮ লোকৰ মৃত্যু ঘটিছে৷ ইয়াৰে ভিতৰত ৯৪গৰাকী মহিলাও আছে৷ ইজৰাইলী সেনাই লেবাননৰ ৰাজধানী বেইৰুটৰ দক্ষিণ প্রান্তত চহৰ আৰু নগৰত ৰকেটেৰে আক্রমণ চলোৱাত এই অঞ্চলৰ কেইবাসহস্র লোকে পলায়ন কৰিবলৈ বাধ্য হৈছে৷ হিজবুল্লাৰ ১,৬০০তকৈ অধিক সদস্যৰ স্থলী হিচাপে চিনাক্ত কৰি ইজৰাইলী সেনাই আকাশমার্গেৰে বোমা নিক্ষেপ কৰাৰ লগতে ৰকেটেৰে ভয়াৱহ আক্রমণ চলায়৷ এই আক্রমণত ৫০ শিশু, ৯৪ মহিলাৰ লগতে ১,৬০০তকৈ অধিক হিজবুল্লাৰ সদস্য নিহত হৈছে বুলি ইজৰাইলী সেনাই দাবী কৰিছে৷ আক্রমণত ১,৬৪৫জন লোক গুৰুতৰভাৱে আহত হৈছে৷  কালি ইজৰাইলী সেনাৰ আক্রমণত নিহত হোৱা লোকৰ সংখ্যা ২০০৬ চনৰ ভিতৰত এনে আক্রমণত নিহতৰ সংখ্যা সর্বাধিক৷ মন কৰিবলগীয়া যে ১৯৭৫–১৯৯০ চনত গৃহযুদ্ধৰ সামৰণিৰ পাছত লেবাননত ইজৰাইলৰ ভয়াৱহ আক্রমণত এদিনতে সর্বাধিক লোকৰ মৃত্যু ঘটিছে৷ তাৎপর্যপূর্ণ যে লেবাননস্থিত হিজবুল্লাই ইজৰাইলৰ দক্ষিণ প্রান্তৰ সামৰিক ঘাটিলৈ লক্ষ্য কৰি প্রায় ২০০ ৰকেট সোমবাৰে সন্ধিয়া নিক্ষেপ কৰাৰ পাছত ইজৰাইলী সেনাই প্রত্যুত্তৰ হিচাপে হিজবুল্লাক লক্ষ্য কৰি প্রচণ্ড আক্রমণ চলায়৷ হিজবুল্লাই নিক্ষেপ কৰা ৰকেটৰ অধিকাংশই আকাশতে ইজৰাইলী সেনাই ধ্বংস কৰিবলৈ সক্ষম হোৱাৰ পাছতেই ইজৰাইলী সেনাই এই আক্রমণ সংঘটিত কৰে৷ কার্যতঃ গাজাত হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে ইজৰাইলী সেনাই আক্রমণ চলাই থকাৰ পাছত ইহুদী ৰাষ্ট্রখনে লেবাননৰ হিজবুল্লাৰ বিৰুদ্ধেও আক্রমণ আৰম্ভ কৰিছে৷ হিজবুল্লাৰ বিৰুদ্ধে আক্রমণ আৰম্ভ কৰি ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেটান্যাহুৱে লেবাননবাসীক সকীয়নি দিছে৷ প্রধানমন্ত্রীগৰাকীয়ে লেবাননৰ নাগৰিকসকলক হিজবুল্লাৰ মানৱ ঢাল নহ’বলৈ সকীয়নি দি হিজবুল্লাস্থিত অঞ্চলৰ পৰা নাগৰিকসকলক নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ কৈছে৷ ইজৰাইল আৰু হিজবুল্লাৰ মাজত প্রত্যক্ষ আক্রমণ চলি থকাৰ বাবেই ইজিপ্তৰ চৰকাৰী বিমানসেৱাৰ উৰণ বেইৰুটলৈ বাতিল কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জ’ বাইডেনে ইজৰাইল আৰু লেবাননৰ পৰিস্থিতি সন্দর্ভত বিতং তথ্যৰ বুজ লৈছে৷ এই আক্রমণ বন্ধ কৰাৰ ক্ষেত্রত দেশখনে পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে যদিও মিত্র দেশৰ সুৰক্ষাৰ বাবে তেওঁলোকে পদক্ষেপ ল’বলৈ সাজু হৈ আছে বুলিও কয় ৰাষ্ট্রপতিগৰাকীয়ে৷ তেনেদৰে আমেৰিকাৰ অধিক সেনা মধ্যপ্রাচ্যলৈ প্রেৰণ কৰিব বুলিও পেণ্টাগনে সদৰী কৰিছে৷

Featured