৬০ ফুট গভীৰতাৰ বাংকাৰত থকা হাছানক হত্যা কৰিবলৈ ৮০ টন বোমা ব্যৱহাৰ

🔹 হিজবুল্লাৰ বিৰুদ্ধে প্রচণ্ড আক্রমণ অব্যাহত ইজৰাইলৰ

🔹 লক্ষাধিক লেবানীজৰ ছিৰিয়ালৈ পলায়ন

🔹 হিজবুল্লাৰ নতুন মুৰব্বী হাছানৰ ভতিজাক হাছেম ছাফিডিন

নিউজ ডেস্ক, ২৯ ছেপ্টেম্বৰ : লেবাননত হিজবুল্লাৰ বিৰুদ্ধে প্রচণ্ড আক্রমণ অব্যাহত আছে ইজৰাইলৰ৷ লেবাননৰ ৰাজধানী বেইৰুটত হিজবুল্লাৰ মুখ্য কার্যালয়ত আক্রমণ চলাই মুৰব্বী হাছান নাছৰাল্লাহক হত্যা কৰাৰ পাছত ইজৰাইলী সেনাই শীর্ষ কমাণ্ডাৰ নাবিল কাউকক হত্যা কৰিছে৷ দেশখনৰ সীমান্তত ইতিমধ্যে স্থলভাগেৰে আক্রমণ কৰাৰ বাবে ইজৰাইলী সেনাই টেংক লৈ সাজু হৈ আছে৷ লেবাননৰ হিজবুল্লা অধ্যুষিত অঞ্চলসমূহত ধাৰাবাহিক ৰকেট আক্রমণ চলাই আছে ইজৰাইলী সেনাই৷ ইয়াৰ পৰিপ্রেক্ষিতত এই অঞ্চলসমূহৰ পৰা লক্ষাধিক লেবানীজে ছিৰিয়ালৈ প্রাণৰক্ষাৰ বাবে পলায়ন কৰিছে৷ হিজবুল্লাৰ মুৰব্বীক ইজৰাইলী সেনাই হত্যা কৰাৰ পাছত ইৰানে ইজৰাইলক ভাবুকি প্রদান কৰিছে৷ হিজবুল্লাৰ মুৰব্বীৰ মৃত্যু অথলে যাবলৈ দিয়া নহ’ব বুলি কৈ ইৰানৰ শীর্ষ নেতা আয়াতুল্লাহ আলী খোমেনিয়ে নাছৰাল্লাহক শ্বহীদ ঘোষণা কৰি ইৰানত ৫ দিনীয়া শোক ঘোষণা কৰাৰ লগতে এই মৃত্যুৰ প্রতিশোধ লোৱা হ’ব বুলি ইজৰাইলক হুংকাৰ দিছে৷ ইপিনে, ইজৰাইলে হামাছ সন্ত্রাসবাদীৰ বিৰুদ্ধে গাজা, লেবাননত হিজবুল্লাৰ বিৰুদ্ধে আৰু য়েমেনত হুথিৰ বিৰুদ্ধে, ছিৰিয়াতো আক্রমণ অব্যাহত ৰাখিছে৷ হিজবুল্লাৰ মুৰব্বীক আক্রমণ কৰি ইজৰাইলে হত্যা কৰাৰ পাছতেই মুছলিম বিশ্বক একত্রিত হৈ ইজৰাইলৰ বিৰুদ্ধে যুঁজিবলৈ আহ্বান জনাইছে ইৰানৰ শীর্ষ নেতা খোমেইনিয়ে৷ গুৰুত্বপূর্ণ যে বেইৰুটত ৬০ ফুট গভীৰতাৰ বাংকাৰত থকা হিজবুল্লাৰ মুৰব্বী হাছানক হত্যা কৰিবলৈ ইজৰাইলী সেনাই ৮০ টন বোমা ব্যৱহাৰ কৰিছিল৷ হাছানে থকা বাংকাৰটো বিধ্বস্ত কৰিবলৈ ইজৰাইলী সেনাই ৫ ঘণ্টা ধৰি মুখ্য কার্যালয়ত আক্রমণ চলাইছিল৷ মুৰব্বী হাছানক হত্যা কৰিবলৈ সক্ষম হোৱা ইজৰাইলী সেনাই লেবাননত আক্রমণ ক্ষিপ্রতৰ কৰি তুলিছে৷ তথ্য মতে, হিজবুল্লাৰ মুৰব্বী হাছানৰ তথ্য ইৰানৰ চোৰাংচোৱাই ইজৰাইলক যোগান ধৰিছিল৷ আনহাতে, ৩২ বছৰ ধৰি হিজবুল্লাক নেতৃত্ব প্রদান কৰা মুৰব্বী হাছানৰ মৃত্যুৰ পাছত সংগঠনটোৰ মুৰব্বী হিচাপে হাছানৰ ভতিজাক হাছেম ছাফিডিনক নিযুক্তি দিছে৷ হিজবুল্লাৰ নতুন মুৰব্বী হাছেম ছাফিডিনে সংগঠনটোৰ ৰাজনৈতিক পৰিক্রমাৰ দায়িত্বত থকা জিহাদ কাউন্সিলৰো গুৰুত্বপূর্ণ পদবীত আছিল৷ সংগঠনটোৰ কার্যকৰী পৰিষদৰ মুৰব্বী ছাফিডিনে সামৰিক অভিযানৰ গোটকো পৰিচালনা কৰিছিল৷ মুছলিম মৌলবীৰ দৰে সাজ-পোছাক পৰিধান কৰা ছাফিডিন ইছলামৰ প্রফেট মহম্মদৰ বংশধৰ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ বিৰুদ্ধে সৰৱ ছাফিডিনে নতুন মুৰব্বী হিচাপে হিজবুল্লাক কিদৰে নেতৃত্ব দিয়ে, সেয়া লক্ষণীয় বিষয় হ’ব৷

Featured