আটলাণ্টিক সাগৰৰ উপকূলৰ সমীপত ৮৯টা মৃতদেহ উদ্ধাৰ

🔹 পশ্চিম আফ্রিকাৰ পৰা ইউৰোপলৈ যাত্রাৰ সময়ত অঘটন

বিশেষ বাৰ্তা, ৫ জুলাই : পশ্চিম আফ্রিকান মালভূমি মাউৰিটানিয়াৰ উপকূলত প্রব্রজনকাৰীৰ ৮৯টা মৃতদেহ উদ্ধাৰ কৰিছে উপকূলৰক্ষীয়ে৷ আটলাণ্টিক মহাসাগৰত সোমবাৰে নাও দুর্ঘটনাত এই প্রব্রজনকাৰীসকলৰ মৃত্যু হয়৷ এটি পাঁচ বছৰীয়া কন্যাশিশুসহ ৯গৰাকী লোকক মাউৰিটানিয়াৰ উপকূলৰক্ষীয়ে জীৱন্তে উদ্ধাৰ কৰিছে যদিও বহু লোক সন্ধানহীন হৈ থকা বুলি দাবী কৰিছে প্রশাসনে৷ ছেনেগাল আৰু গাম্বীয়াৰ সীমান্তৰ পৰা সোমবাৰে ১৭০গৰাকী প্রব্রজনকাৰীক লৈ যাত্রা কৰিছিল নাওখনে৷ মাউৰিটানিয়াৰ দক্ষিণ–পশ্চিম উপকূলৰ সমীপত নাওখন ডুব যায়৷ উল্লেখনীয় যে পশ্চিম আফ্রিকাৰ পৰা ইউৰোপলৈ প্রব্রজনকাৰীয়ে যাত্রা কৰাৰ অন্যতম পথ হৈছে মাউৰিটানিয়া৷ যোৱা বছৰ পশ্চিম আফ্রিকাৰ পৰা মাউৰিটানিয়া হৈ সহস্রাধিক নাৱে প্রব্রজনকাৰীক লৈ ইউৰোপ অভিমুখে যাত্রা কৰিছিল৷ উল্লেখনীয় যে মাউৰিটানিয়াৰ পৰা স্পেইনৰ কেনাৰী দ্বীপপুঞ্জত উপস্থিত হয় পশ্চিম আফ্রিকাৰ প্রব্রজনকাৰীসকল৷ বিগত কেইবাবছৰ ধৰি এই প্রব্রজন অব্যাহত আছে৷ স্পেইনৰ চৰকাৰে দাবী কৰা অনুসৰি যোৱা বছৰ পশ্চিম আফ্রিকাৰ পৰা কেনাৰী দ্বীপপুঞ্জত উপস্থিত হৈছিল ৪০ সহস্রাধিক প্রব্রজনকাৰী৷

Featured