অশান্ত মণিপুৰত দুর্বৃত্তৰ গুলীত প্ৰাণহানি আৰক্ষী বিষয়াৰ

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : পুনৰ অশান্ত হৈ উঠিছে গোষ্ঠী সংঘর্ষৰ জুইত আক্রান্ত মণিপুৰ৷ কালি দুষ্কৃতিকাৰীৰ গুলীত ৰাজ্যখনত নিহত হৈছে আৰক্ষীৰ এগৰাকী উপ–পৰিদর্শক৷ হাজাৰ হাজাৰ সেনা মোতায়েন কৰাৰ পিছতো হিংসাৰ জুইত জ্বলি আছে মণিপুৰ৷ কালি দুপৰীয়া মণিপুৰৰ কুকি অধ্যুষিত চূড়াচাদপুৰ জিলাত এই ঘটনা সংঘটিত হয়৷ অজ্ঞাত পৰিচয়ৰ দুষ্কৃতিকাৰীয়ে আহি গুলীচালনা কৰাৰ ফলত আৰক্ষী উপ–পৰিদর্শক ওংমাং হাওকিব নিহত হয়৷ এই ঘটনাত অন্য দুজন লোক গুৰুতৰভাৱে আহত হৈছে৷

Featured