নৃশংস : মহিলাক তৰোৱালেৰে কাটিলে দুর্বৃত্তই

🔹 চি চি টিভি কেমেৰাত বন্দী জঘন্য ঘটনা

বিশেষ বাৰ্তা, ৯ জুন : পঞ্জাবৰ মোহালিত কালি এগৰাকী মহিলাক এজন দুর্বৃত্তই তৰোৱালেৰে খণ্ড খণ্ডকৈ কাটি হত্যা কৰে৷ এই নৃশংস হত্যাকাণ্ডৰ দৃশ্য চি চি টিভিত বন্দী হৈছে৷ বিৱৰণী মতে, ৩১ বছৰীয়া মহিলা এগৰাকীয়ে মোহালি ফেজ–৫ত নিজৰ কর্মস্থলীলৈ গৈ থকা অৱস্থাত এজন ব্যক্তিয়ে তৰোৱালেৰে মহিলাগৰাকীক ৭বাৰ আঘাত কৰে৷ তৰোৱালৰ আঘাতত মহিলাগৰাকীৰ মৃত্যু ঘটে৷ চি চি টিভিত বন্দী হোৱা দৃশ্য মতে, আক্রমণকাৰীজনে তৰোৱাল লৈ মহিলাগৰাকীক পিছফালৰ পৰা খেদি আহি নৃশংস ঘটনাটো সংঘটিত কৰি পলায়ন কৰে৷ মৃত মহিলাগৰাকী বলজিন্দৰ কৌৰ বুলি চিনাক্ত কৰা হৈছে৷

Featured