নাছাৰ অভিযানত অংশগ্রহণৰ ইচ্ছা আডাম কিঙৰ

নিয়মীয়া বাৰ্তা, ৩০ নৱেম্বৰঃ আয়াৰলেণ্ডৰ বিশেষভাৱে সক্ষম এটি ছবছৰীয়া কিশোৰে আমেৰিকান মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷ ছবছৰীয়া এই কিশোৰজনে এক শ্ব’ত নাছাৰ মহাকাশ অভিযানত অংশগ্রহণ কৰাৰ সপোন থকা বুলি ঘোষণা কৰাৰ পিছতে বিশ্বজুৰি কিশোৰটিক লৈ চলিছে ব্যাপক চর্চা৷ টিভি ভিউৱার্ছৰ হূদয় জিনিবলৈ সক্ষম হোৱা এই কিশোৰটিৰ নাম হৈছে আডাম কিং৷

আয়াৰলেণ্ডৰ ‘দ্য লেট, লেট টয় শ্ব’’ত শুকুৰবাৰে নিজৰ জীৱনৰ লক্ষ্যৰ কথা ঘোষণা কৰিছিল৷ এই শ্ব’ হৈছে আয়াৰলেণ্ডৰ এক বার্ষিক পৰম্পৰাগত উৎসৱ৷ ইয়াতে আইৰিছ শিশুসকলে অংশগ্রহণ কৰে৷ আডাম কিঙো এই টয় শ্ব’ৰ ভীষণ অনুৰাগী৷ ইয়াতেই টেলিভিছন হ’ষ্ট ৰিয়ান টাব্রিডিয়ে কৰা প্রশ্ণৰ উত্তৰত নাছাৰ মহাকাশ অভিযানত অংশগ্রহণ কৰাৰ ইচ্ছাৰ কথা প্রকাশ কৰিছে আদামে