ব্লকবাষ্টাৰ ছবিক লৈ অসম-সন্তান আদিল হুছেইনৰ মন্তব্যত তোলপাৰ বলীউড

🔹 ‘কবিৰ সিং’ত অভিনয় কৰি আজিলৈ মই অনুশোচনাত ভুগি আছোঁ

🔹 ‘ছবিগৃহত ২০ মিনিট চায়েই মই ওলাই আহিছিলোঁ’

বিশেষ বাৰ্তা, ২৩ এপ্রিল : হলীউড–বলীউডৰ কেইবাখনো জনপ্রিয় ছবিত দুর্দান্ত অভিনয়েৰে চলচ্চিত্রপ্রেমীৰ হূদয়ত সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসম সন্তান আদিল হুছেইন৷ কেৱল দর্শকৰ সমাদৰেই নহয়, তেওঁৰ ব্যতিক্রমী অভিনয়ক কেইবাটাও ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রীয় পুৰস্কাৰেৰে স্বীকৃতিও প্রদান কৰা হৈছে৷ কিন্তু শেহতীয়াকৈ এটা বিশেষ মন্তব্যৰ বাবে বিতর্কৰ আৱর্তত সোমাই পৰিছে অসমৰ সু–সন্তান অভিনেতাগৰাকী৷ ২০১৯ চনত বক্স অফিচত বৃহৎ সাফল্য লাভ কৰা ‘কবিৰ সিং’ নামৰ ছবিখনত অভিনয় কৰি আজিও অনুতপ্ত বুলি আদিল হুছেইনে কৰা মন্তব্যই বলীউডত তোলপাৰ লগাইছে৷ ইউটিউব চেনেল ‘এ পি প’ডকাষ্ট’ত শেহতীয়াকৈ এক সাক্ষাৎকাৰত তেওঁ কয়– কবিৰ সিঙেই একমাত্র ছবি, যিখনৰ চিত্রনাট্য নপঢ়াকৈয়ে অভিনয় কৰিবলৈ সন্মতি প্রদান কৰিছিলোঁ৷ এই প্রসংগত তেওঁ কয়– জীৱনত মোৰ এইখনেই প্রথম ছবি যিখনৰ চিত্রনাট্য নপঢ়াকৈয়ে, ছবিখন কিহৰ ওপৰত ভিত্তি কৰি নির্মাণ কৰা হৈছে নোচোৱাকৈয়ে মই অভিনয় কৰিছিলোঁ৷ মই ইয়াৰ বাবে আজিলৈকে অনুশোচনাত ভুগি আছোঁ৷ অভিনয় কৰি অনুতপ্ত হোৱা একমাত্র ছবিখনেই হৈছে কবিৰ সিং৷ তেওঁ লগতে কয়– ছবিখনে মুক্তিলাভ কৰাৰ পাছত চাবলৈ গৈছিলোঁ আৰু ২০ মিনিট পাছতে ছবিগৃহৰ পৰা ওলাই আহিছিলোঁ৷ জনপ্রিয় অভিনেতা শ্বাহিদ কাপুৰ আৰু অভিনেত্রী কিয়াৰা আদৱানিয়ে অভিনয় কৰা ছবিখনৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগা সন্দর্ভতো আদিল হুছেইনে সাক্ষাৎকাৰটোত কেইবাটাও মন্তব্য প্রকাশ কৰিছে৷ এই প্রসংগত তেওঁ কয় যে প্রত্যেকৰে নিজে ইচ্ছা কৰা ধৰণে ছবি নির্মাণ কৰাৰ অধিকাৰ আছে৷ কিন্তু ইয়ে এইটো নুসূচায় যে তেওঁ সেইসকলৰ সৈতে একমত হ’ব লাগিব৷ আদিল হুছেইনে কয়– মই ভাবোঁ যে এইধৰণৰ ছবিয়ে এনে কিবা এটা উদযাপন কৰে, যিটো সমাজৰ বাবে উপকাৰী নহয়৷ ই পুৰুষৰ নাৰীবিদ্বেষক বৈধতা প্রদান কৰে৷ যিকোনো ব্যক্তিৰ বিৰুদ্ধে হিংসাক বৈধতা প্রদান কৰে৷ এই বিষয়সমূহ উজ্জীৱিত কৰিব নালাগে বুলি তেওঁ সাক্ষাৎকাৰটোত মন্তব্য কৰে৷ আদিল হুছেইনৰ এই মন্তব্যত কবিৰ সিং ছবিখনৰ পৰিচালক সন্দীপ ৰেড্ডী ভাংগা ক্ষুব্ধ হৈ পৰে৷ আনকি তেওঁৰ মন্তব্যক কঠোৰ ভাষাৰে পৰিচালকগৰাকীয়ে সমালোচনা কৰাৰ লগতে এআইৰ সহায়ত আদিল হুছেইনৰ মুখ ছবিখনৰ পৰা আঁতৰাই দিব বুলি ভাবুকি দিছে৷ ছ’চিয়েল মিডিয়াত আদিল হুছেইনক উদ্দেশ্যি পৰিচালকগৰাকীয়ে লিখিছে– ৩০খন কলাত্মক ছবিৰ বাবে আপোনাৰ বিশ্বাসে আপোনাক যিমান খ্যাতি দিয়া নাছিল, অনুতপ্ত হোৱা এখন ব্লকবাষ্টাৰ ছবিয়ে দিছে৷ আপোনাৰ আৱেগতকৈ লোভ বেছি বুলি জনাৰ পাছত আপোনাক ছবিখনত লৈ মই অনুশোচনাত ভুগিছোঁ৷ এআইৰ সহায়ত আপোনাৰ মুখখন আঁতৰাই মই এতিয়া আপোনাক এই লজ্জাৰ পৰা বচাম৷ লক্ষণীয় যে কবিৰ সিং ছবিত এজন শিক্ষকৰ চৰিত্রত আদিল হুছেইনে অভিনয় কৰিছিল৷ ছবিখন সন্দর্ভত অভিনেতাগৰাকীয়ে সাক্ষাৎকাৰটোত প্রকাশ কৰা অনুসৰি তেওঁ ছবিখনৰ বাবে কেতিয়াও আগ্রহী নাছিল৷ যাৰ বাবে তেওঁৰ এজেণ্টক ছবিখনৰ বাবদ বৃহৎ পাৰিশ্রমিক প্রযোজনা গোষ্ঠীক দিয়াৰ কথা কৈছিল, যাতে প্রযোজনা গোষ্ঠীটোৱে তেওঁক নাকচ কৰে৷ কিন্তু প্রযোজক গোষ্ঠীটোৱে তেওঁৰ পাৰিশ্রমিকত সন্মতি দিছিল আৰু তেওঁ ছবিখনত অভিনয় কৰাৰ বাবে সন্মতি প্রদান কৰিছিল৷ আদিল হুছেইনে এইবুলিও কয় যে তেওঁ দৃশ্যগ্রহণ কৰা শ্বটসমূহ যথেষ্ট ভাল যেন অনুভৱ কৰিছিল৷ ছবিখন চোৱাৰ সময়ত ২০ মিনিটতকৈ অধিক সময় চিত্রগৃহত বহি থাকিব পৰা নাছিল৷ ছবিখনৰ অংশ হোৱাৰ বাবে তেওঁ লজ্জিত বুলি প্রকাশ কৰিছে৷ আদিল হুছেইনৰ এই মন্তব্যৰ পাছত বলীউডত জোকাৰণি সৃষ্টি হোৱাৰ পাছত কেইবাটাও আগশাৰীৰ সংবাদ প্রতিষ্ঠানে তেওঁৰ প্রতিক্রিয়া বিচাৰিছিল৷ শেহতীয়াকৈ ‘টাইমছ অৱ ইণ্ডিয়া’ত প্রতিক্রিয়া প্রকাশ কৰি আদিল হুছেইনে কয়– মই বর্তমান আমেৰিকাত আছোঁ আৰু সন্দীপৰ প’ষ্ট দেখা নাই৷ মই যি কৈছিলোঁ (কবিৰ সিঙৰ বিষয়ে) সেয়া এটা সাক্ষাৎকাৰ আছিল৷ ছবিখন চাই মই সম্পূর্ণৰূপে স্তম্ভিত হৈ পৰিছিলোঁ আৰু সেই কামটো কৰাৰ বাবে মই অনুশোচনাত ভুগিছিলোঁ৷ মই মোৰ স্থিতি সলনি নকৰোঁ৷ লক্ষণীয় যে কবিৰ সিং নামৰ ছবিখনে সেই সময়ত বক্স অফিচত ভাল ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল৷ পৰৱর্তী সময়ত একেধৰণৰ বিষয়বস্তুৰে সন্দীপ ৰেড্ডী ভাংগাৰে ‘এনিমেল’ নামৰ আন এখন ছবিও নির্মাণ কৰিছে, যিখন ছবিৰ বিষয়ক লৈও বিতর্কৰ সৃষ্টি হৈছে৷

Featured