সেনাৰ পৰা অৱসৰৰ পিছত ৰে’লৰ এচি দবাত যাত্রা ‘মেৰু’ৰ

🔹 সসন্মানে মীৰাটলৈ অনা হ’ল দক্ষতাৰে কর্তব্য শেষ কৰা কুকুৰক

বিশেষ বাৰ্তা, ২৩ মে’ : সেনাৰ পৰা অৱসৰ গ্রহণ কৰিছে ‘মেৰু’–এ৷ ‘মেৰু’ক ৰে’লৰ  ফার্ষ্ট ক্লাছ এচি দবাৰে মীৰাটলৈ লৈ অনা হৈছে৷ ২২ সেনা কুকুৰ ইউনিটৰ সদস্য আছিল ৯ বছৰ বয়সীয়া মেৰু৷ শেহতীয়াকৈ মেৰুৱে অৱসৰ গ্রহণ কৰিছে৷ ইয়াৰ পিছতেই মেৰুক লৈ অনা হৈছে মীৰাটৰ অৱসৰপ্রাপ্ত কুকুৰবোৰৰ আশ্রয়স্থলীলৈ৷ সসন্মানে ৰে’লৰ এচি দবাৰ বিশেষ কোঠাত লৈ অহা হয় দীর্ঘদিন ধৰি সেনাত দক্ষতাৰ পৰিচয় দি অহা মেৰুক৷ এচি দবাত উঠোৱাৰ পূর্বে মেৰুক ডিঙিত পিন্ধাই দিয়া হয় ফুলৰ মালা৷ দবাৰ এখন আসন বুক কৰা হয় মেৰুৰ বাবে৷ ৰে’লৰ বিলাসী দবাত কুকুৰৰ ভ্রমণৰ ছবি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ কুকুৰপ্রেমীসকলে সেই ছবিবোৰ দেখি উৎফুল্লিত হৈ পৰিছে৷ একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে– ‘শুভ অৱসৰ জীৱন মেৰু৷’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ছবিবোৰত দেখিবলৈ পোৱা গৈছে মেৰু দবাৰ সন্মুখত থিয় হৈ আছে৷ এচি ফার্ষ্ট ক্লাছৰ ভিতৰত ৰঙা দলিচাত থিয় হৈ ফটোৰ বাবে প’জ দিয়ে মেৰুৱে৷ অন্য এখন ছবিত দেখা গৈছে বগা চাদৰ পাৰি থোৱা যাত্রীৰ আসনত বহি আছে মেৰু৷ কোনোবাখন ফটোত আকৌ শুই থকা অৱস্থাত দেখা গৈছে এই কুকুৰটোক৷ জানিব পৰা গৈছে যে এতিয়াৰে পৰা মেৰু থাকিব মীৰাটৰ ৰিমাউণ্ট এণ্ড ভেটেৰিনাৰী ক’পছ চেণ্টাৰত৷ এই চেণ্টাৰতেই সাধাৰণতে সেনাৰ অৱসৰপ্রাপ্ত কুকুৰবোৰক ৰখা হয়৷ বর্তমান প্রতিৰক্ষা বাহিনীয়ে প্রতিটো সেনা কুকুৰক অৱসৰৰ সময়ত ৰে’লৰ এচি ফার্ষ্ট ক্লাছত যাত্রাৰ অনুমতি দিছে৷ সেই ধৰণেই মীৰাটত উপস্থিত হ’ল মেৰু৷ ভাৰতীয় সেনাত দীর্ঘদিন ধৰি মেৰুৱে দক্ষতাৰে কাম কৰিছিল৷ এতিয়া মেৰুৰ অৱসৰ জীৱন৷ বাকী দিনবোৰ মীৰাটত কটাব মেৰুৱে৷ প্রতিৰক্ষা মন্ত্রালয়ৰ তৰফৰ পৰা সেনাৰ অৱসৰপ্রাপ্ত কুকুৰবোৰৰ বাবে কর্মজীৱনৰ পুৰস্কাৰ হিচাপে ৰে’লৰ এচি দবাত যাত্রাৰ নিয়ম বান্ধি দিছে৷

Featured